🔹 তামিলনাডুত ১০ আইন বলৱতৰ অধিসূচনা
নিউজ ডেস্ক, ১৩ এপ্রিল : ৰাজ্যপালৰ অনুমোদন অবিহনেই তামিলনাডুত দহখন বিধেয়ক আইনত পৰিণত হয়৷ উচ্চতম ন্যায়ালয়ে অনাহকত চৰকাৰে গৃহীত কৰা ১০ বিধেয়ক অনুমোদনত বিলম্ব কৰাৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এই বিধেয়ককেইখনক আইন হিচাপে গৃহীত কৰে৷ কালি দেশত প্রথমবাৰৰ বাবে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আইনত পৰিণত হোৱা দহখন আইন বলৱতৰ অধিসূচনা জাৰি কৰে৷ উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়ৰ সাক্ষী হয় তামিলনাডু৷ উল্লেখনীয় যে তামিলনাডুৰ ৰাজ্যপাল আৰএন ৰবিৰ সৈতে ৰাজ্যখনৰ ডিএমকে চৰকাৰৰ সংঘাতৰ পৰিণতিতেই বিধানসভাত গৃহীত দহখন বিধেয়ক অনুমোদনত বিলম্ব কৰি আহিছিল ৰাজ্যপালগৰাকীয়ে৷ এই কার্যক লৈ উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল ৰবিক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাজ্যপালৰ ক্ষমতা সন্দর্ভতো কটুক্তি কৰে৷ ইয়াৰ পিছতে তামিলনাডু চৰকাৰৰ গৃহীত বিধেয়ককেইখন উচ্চতম ন্যায়ালয়ে আইনত পৰিণত হোৱাৰ পথ মুকলি কৰি দিয়ে৷ কালি মুখ্যমন্ত্রী এমকে ষ্টেলিনৰ দ্বাৰা জাৰি কৰা অধিসূচনাত বলৱৎ হোৱা দহ আইনৰ ভিতৰত বিশ্ববিদ্যালয়ৰ উপাচার্য নিযুক্তিৰ লগতে কেইবাখনো শিক্ষা সম্পর্কীয় আইন আছে৷