নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰৰ প্রথম সপ্তাহত নেপাল ভ্রমণ কৰিব নাৰাৱানেই

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  ভাৰতীয় স্থলসেনাৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেই নৱেম্বৰৰ প্রথম সপ্তাহত নেপাল ভ্রমণ কৰিব৷ এই ভ্রমণ কালছোৱাত হিমালয়ান ৰাষ্ট্রখনৰ ৰাষ্ট্রপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নাৰাৱানেক নেপালী সেনাৰ জেনেৰেলৰ ৰেংকেৰে সন্মানিত কৰিব৷ স্মর্তব্য যে ভাৰতীয় অঞ্চল নিজ ভৌগোলিক মানচিত্রৰ ভিতৰত নেপালে সামৰি লোৱাৰ পিছত প্রথমবাৰৰ বাবে ভাৰতৰ কোনো শীর্ষ পর্যায়ৰ সেনা বিষয়াই হিমালয়ান ৰাষ্ট্রখন ভ্রমণ কৰিব৷ নেপালী সেনাৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে চলিত বর্ষৰ ৩ ফেব্রুৱাৰীতে দেশখনৰ চৰকাৰে নাৰাৱানেৰ ভ্রমণৰ বিষয়টোত অনুমোদন জনাইছিল৷ কিন্তু ক’ভিড–১৯ মহামাৰীৰ বাবে নাৰাৱানেৰ এই ভ্রমণ পিছুৱাই দিয়া হৈছিল৷ স্মর্তব্য যে ভাৰতীয় অঞ্চল সামৰি নেপালে নতুন ভৌগোলিক মানচিত্র প্রকাশ কৰাৰ পিছতে দুয়োখন দেশৰ মাজৰ সম্পর্ক তিক্ত হৈ আছে৷

You might also like