নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুষলধাৰ বৃষ্টিপাতত হায়দৰাবাদত ১৫জনৰ প্রাণহানি

ব্যক্তিগত প্রতিষ্ঠান চৰকাৰী কার্যালয় দুদিনৰ বাবে বন্ধ

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  মুষলধাৰ বৃষ্টিপাতে প্লাৱিত কৰিছে তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ৷ এই বৃষ্টিপাতৰ বাবেই ৰাজধানী চহৰখনৰ বিভিন্ন স্থানত ১৫গৰাকী লোকে প্রাণ হেৰুৱাইছে৷ এই ১৫গৰাকী লোকৰ ভিতৰত তিনিগৰাকীৰ মৃত্যু হৈছে এটা ঘৰৰ দেৱাল খহি৷ শ্বামছাবাদৰ গগণপাহাড় অঞ্চলত সংঘটিত হৈছে এই ঘটনা৷ উল্লেখনীয় যে যোৱানিশাৰ পৰা তেলেংগানাত অব্যাহত আছে মুষলধাৰ বৰষুণ৷ হায়দৰাবাদৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে এই বৃষ্টিপাতে৷ ৰাজধানী চহৰখনৰ বিভিন্ন স্থান জলমগ্ণ হোৱাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈছে৷ আজি ৰাজ্যখনৰ পৌৰ প্রশাসন তথা নগৰ উন্নয়নমন্ত্রী কেটি ৰামাৰাওৱে পশুপালনমন্ত্রী তালাছানি শ্রীনিৱাস যাদৱৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্রতৰ কৰাৰ বাবে আহ্বান জনাইছে জ্যেষ্ঠ বিষয়াসকলক৷ লক্ষণীয়ভাৱে চহৰখনৰ বিভিন্ন অঞ্চল জলমগ্ণ হৈ পৰাৰ লগে লগে চৰকাৰে সকলো ব্যক্তিগত প্রতিষ্ঠান, কার্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে৷ জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ নির্দেশ দিছে চৰকাৰে৷

You might also like