নিয়মীয়া বাৰ্তা,৫ জুনঃ ব্যয়বহুল হ’ল ৰে’লযাত্রা৷ ৰে’ল ভ্রমণপ্রিয় যাত্রীৰ বাবে দুঃসংবাদ৷ এতিয়াৰে পৰা ৰে’ল মন্ত্রালয়ে নির্ধাৰিত কৰা হাৰতকৈ অধিক ব্যয়বস্তু কঢ়িয়ালে ভৰিব লাগিব মাচুল৷ বিনামূলীয়াকৈ অসীমিত হাৰত টোপোলা কঢ়িয়াব নোৱাৰিব যাত্রীয়ে৷ ভাৰতীয় ৰে’লৱেৰ নতুন নিয়ম মতে যাত্রীয়ে কঢ়িওৱা বয়বস্তুৰ টোপোলা কিম্বা লাগেজত ভৰিব লাগিব মাচুল৷ ইয়াৰ পূর্বে ৰে’লযাত্রীয়ে অসীমিত হাৰত বিনামূলীয়াকৈ কঢ়িয়াব পাৰিছিল বয়বস্তুৰ টোপোলা৷ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ৰে’লযাত্রীসকলে নিজৰ লগত বিভাগে নির্ধাৰিত কৰা হাৰতকৈ অধিক ওজনৰ টোপোলাৰে যাত্রা কৰিলে ভৰিব লাগিব মাচুল৷
আই আৰ চি টি চিয়ে নির্দেশনাত প্রকাশ কৰা মতে, সুৰক্ষিত ৰূপত টোপোলা বন্ধা নাথাকিলে তেনে বয়বস্তুৰ টোপোলা বুকিং আৰু কঢ়িওৱা নহ’ব৷ অৱশ্যে বয়বস্তুৰ টোপোলা পঠিওৱা ব্যক্তি কিম্বা তেওঁৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রতিনিধিয়ে লিখিত ৰূপত টোপোলাটোৰ বিসংগতি সন্দর্ভত লিখি দিলে সেয়া বুকিং আৰু কঢ়িওৱা হ’ব৷
ৰে’লযাত্রীয়ে কঢ়িওৱা লাগেজ সন্দর্ভত ৰে’ল মন্ত্রালয়ৰ নতুন নিয়ম অনুসৰি এচি প্রথম শ্রেণীত যাত্রীয়ে কোনো মাচুল নভৰাকৈ ৭০ কিলোগ্রামৰ টোপোলা, এচি ২ টায়াৰৰ যাত্রীয়ে ৫০ কিলোগ্রাম, এচি ৩ টায়াৰ শ্লীপাৰ অথবা এচি চেয়াৰ কাৰৰ যাত্রীয়ে ৪০ কিলোগ্রামৰ টোপোলা বিনামাচুলে কঢ়িয়াব পাৰিব৷ তেনেদৰে শ্লীপাৰ শ্রেণী আৰু দ্বিতীয় শ্রেণীৰ লাগেজৰ সীমা ৪০ কিলোগ্রাম আৰু ২৫ কিলোগ্রাম৷ ইয়াৰ ওপৰত কোনো যাত্রীয়ে বয়বস্তুৰ টোপোলা কঢ়িয়ালে নূ্যনতম ৩০ টকা মাচুল ভৰিব লাগিব৷
মন কৰিবলগীয়া যে ভাৰতীয় ৰে’লৱেই বয়বস্তুৰ টোপোলা কঢ়িওৱা নতুন নিয়ম বিমান সেৱাৰ দৰেই বলৱৎ কৰিলে৷ আনপিনে যাত্রীয়ে তেওঁৰ প্রয়োজনীয় কিম্বা কঢ়িওৱা লাগেজটো ৰে’লে যাত্রা আৰম্ভ কৰাৰ ৩০ মিনিট পূর্বে লাগেজ অফিচলৈ পঠিয়াব লাগিব৷ অৱশ্যে যাত্রীয়ে অনলাইন টিকট বুকিঙৰ সময়তেই লাগেজৰো তথ্যসহ বুকিং কৰিব পাৰিব৷