নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰে বাৰে আ*ত্মহননৰ ভাবুকিত নিহিত হৈ থাকে ‘নিষ্ঠুৰতা’

🔹 বিবাহ বিচ্ছেদৰ গোচৰত বোম্বাই উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ

নিউজ ডেস্ক, ২৭ মার্চ : স্বামী, পত্নী বা তেওঁলোকৰ পৰিয়ালক বাৰে বাৰে আ*ত্মহনন কৰাৰ ভাবুকি দিয়াটোও নিষ্ঠুৰতা৷ দুইপক্ষই যদি কোনোবাই বাৰে বাৰে এই একেই কাম কৰি থাকে, তেতিয়াহ’লে সেই অনুসৰি বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰে৷ শেহতীয়াকৈ এক বিবাহ বিচ্ছেদৰ গোচৰত এই পর্যবেক্ষণ আগবঢ়াইছে বোম্বাই উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ ঔৰংগাবাদ বিচাৰপীঠে এই পর্যবেক্ষণ আগবঢ়ায়৷ পত্নীৰ ওচৰত নিষ্ঠুৰতাৰ বলি হোৱাৰ দাবী তুলি শেহতীয়াকৈ বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল এজন যুৱক৷ নিম্ন আদালতত সেয়া মঞ্জুৰ হয়৷ ইয়াৰ পিছত নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই পত্নীয়ে বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন কৰে৷ কিন্তু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এম যোশীয়ে নিম্ন আদালতৰ ৰায় বাহাল ৰাখে৷ ২০০৯ চনৰ এপ্রিলত বিবাহপাশত আবদ্ধ হৈছিল এই দম্পতী৷ তেওঁলোকৰ মাজত এটি কন্যা সন্তানো আছে৷ কিন্তু স্বামীয়ে অভিযোগ কৰা অনুসৰি পত্নীৰ পৰিয়ালে প্রায়েই তেওঁলোকৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিছিল৷ ২০১০ চনৰ অক্টোবৰত পত্নীয়ে একো নজনোৱাকৈ পিতৃৰ ঘৰলৈ গুচি গৈছে৷ যুৱকজনে এই অভিযোগো কৰে যে পিতৃৰ ঘৰলৈ যোৱাৰ সময়ত পত্নীয়ে তেওঁ আৰু তেওঁৰ পৰিয়ালক অপমান কৰে৷ বোৱাৰী নির্যাতনৰ মিছা গোচৰত ফঁচাব বুলি ভাবুকিও প্রদান কৰিছিল পত্নীয়ে৷ যুৱকজনে আদালতক এই কথাও জনায় যে তেওঁৰ পত্নীয়ে বাৰে বাৰে আ*ত্মহননৰ ভাবুকিও দিছিল৷ অকল সেয়াই নহয়, স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ সকলো সদস্যৰ বিৰুদ্ধে অপৰাধ গোচৰ তৰাৰ ভাবুকিও প্রদান কৰিছিল৷ আনকি বাস্তৱত পত্নীয়ে কেইবাবাৰো আ*ত্মহননৰ চেষ্টা চলাইছিল বুলিও যুৱকজনে অভিযোগ কৰে৷ এই আ*ত্মহননৰ ভাবুকিক নিষ্ঠুৰতা বুলি অভিহিত কৰে ন্যায়ালয়ে৷

You might also like