‘মই অবিহনে সন্তান নাযায়। মই ৰজাক এৰি নাযাওঁ। আৰু ৰজাই কেতিয়াও সাম্ৰাজ্য এৰি নাযায়।’ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত ১৯৩৯ চনত ব্ৰিটেইনৰ ৰাণী এলিজাবেথক সন্তানক লৈ উত্তৰ আমেৰিকা অথবা কানাডাত নিৰাপদ আশ্ৰয়ৰ বাবে যাবলৈ কোৱা হৈছিল। সেইসময়ত এই ঐতিহাসিক কথাষাৰ কৈছিল ৰাণীয়ে। ৰাণী এলিজাবেথৰ কথাখিনি আজি আকৌ মনত পৰিছে বিশ্ববাসীৰ। আঠ দশক পাছত একেই সাহস আৰু সংকল্পৰে ৰাণীৰ মূৰ্তৰূপ দেখা গৈছে ইউক্ৰেইনৰ প্ৰথম মহিলা অ’লেনা জেলেনস্কাৰ কথাত।
খোদ আমেৰিকাৰ দৰে প্ৰতাপশালী দেশৰ ৰাষ্ট্ৰপতিয়ে দেশ এৰিবলৈ প্ৰস্তাৱ দিয়াৰ পাছতো সেই প্ৰস্তাব প্ৰত্যাখ্যান কৰাৰ সাহ দেখুৱাইছে ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। এই সংকটকালত গিৰিয়েকৰ সুৰত একেআষাৰে সমৰ্থন দিছে তেওঁৰ পত্নী অ’লেনা জেলেনস্কাই। ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দি থকা সকলৰ কাষতে থাকিব তেওঁলোক। ইনষ্টাগ্ৰামত ইউক্ৰেইনৰ প্ৰথম মহিলা অ’লেনাই দেশবাসীক সাহস দি লিখিছে- মই আপোনালোকৰ সৈতে এইখন দেশতে একেলগে থাকিব বিচাৰোঁ। মই শংকিত নহওঁ অথবা চকুলো নুটুকো। মই শান্ত আৰু দৃঢ় হৈ থাকিম। মোৰ সন্তানে মোৰফালে চাই আছে, মই সিঁহতৰ লগত আছোঁ। মই মোৰ স্বামীৰ লগত আছোঁ, মই আপোনালোকৰ সৈতে আছোঁ।
সৰুৰে পৰাই অ’লেনা আৰু ভলোডিমিৰ জেলেনস্কিৰ চিনা-পৰিচয়। ক্রিভি ৰিহ চহৰত একেলগে ডাঙৰ হৈছে তেওঁলোক। কেই সপ্তাহৰ ডাঙৰ-সৰু। স্কুলত পঢ়াৰ সময়ৰ পৰাই বন্ধুত্ব তেওঁলোক। পাছত বিশ্ববিদ্যালয়ৰ সময়ৰ পৰাই প্রেম হয় দুই বন্ধুৰ। ৮ বছৰৰৰ প্ৰেমৰ সম্পর্কক আগুৱাই নি ২০০৩ চনত অ’লেনাৰ সৈতে বিয়া পাতে জেলেনস্কিয়ে। দুই সন্তান আছে তেওঁলোকৰ। অ’লেনা কেৱল ইউক্রেইনৰ ‘ফাৰ্ষ্ট লেডী’য়ে নহয়, পেছাত আইনজীৱী। বিভিন্ন মানৱাধিকাৰ বিষয়ক লৈ আন্দোলন গঢ়ি তুলিছে। আনকি ইউক্রেইনৰ কূটনীতি বিষয়তো উল্লেখনীয় কাম কৰি আহিছে।
জেলেনস্কি আছিল এগৰাকী কৌতুক অভিনেতা ৷ ২০১০ চনত ‘চার্ভেন্ট অৱ দ্য পিপল’ নামেৰে টিভি ছিৰিজত অভিনয় কৰি ইউক্রেইনৰ অন্যতম জনপ্রিয় অভিনেতা হৈ উঠে৷ সেই জনপ্রিয় টিভি ছিৰিজত এজন হাইস্কুল শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল ভলোডিমিৰ জেলেনস্কিয়ে৷ তেওঁ ৰাজনীতিবিদৰ দুর্নীতিত বিৰক্ত হৈ নিজেই এসময়ত ৰাষ্ট্ৰপতি হৈ উঠে। ৰাষ্ট্ৰপতিৰ চৰিত্রত অভিনয় কৰি জনপ্রিয়তাৰ শীৰ্ষত উঠাৰ কেইবছৰৰ ভিতৰত বাস্তৱত তেওঁ ইউক্রেইনৰ ৰাষ্ট্ৰপতি নির্বাচিত হয়৷