অমিক্রনতেই সমাপ্তি ঘটিব পাৰে ক’ভিড মহামাৰীৰ
নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ নতুন প্রকৰণ অমিক্রনে দেশত ক’ভিড–১৯ তৃতীয় জোৱাৰৰ সংক্রমণত ভয়াৱহ মাত্রা প্রদান কৰিছে৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত ন’ভেল ক’ৰোনা ভাইৰাছৰ নতুন প্রকৰণ অমিক্রন অধিক সংক্রমণশীল যদিও ইয়াৰ ক্ষতি পূর্বৰ ডেল্টা প্রকৰণতকৈ কম হ’লেও অমিক্রনে বিশ্বজুৰি সংক্রমণেৰে ত্রাসিত কৰি ৰাখিছে৷ এনে সময়তে মুম্বাই মেট্র’পলিছ হেলথ কেয়াৰ লিমিটেডৰ ছায়েণ্টিফিক বিজনেছ এণ্ড হেড অৱ ডিপার্টমেণ্ট ফৰ ক্লিনিকেল মাইক্র’বায়’লজী, ইনফেকছাছ মলিকুলাৰ বায়’লজী এণ্ড ভাইৰ’লজীৰ বিশেষজ্ঞ ড০ নিৰঞ্জন পাটিলে নতুন প্রকৰণ অমিক্রনে ক’ভিড মহামাৰীৰ সমাপ্তি ঘটাব পাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷
ক’ভিড মহামাৰী সমাপ্তিৰ দিশে আগবঢ়াৰ প্রসংগ উল্লেখ কৰি ভাইৰ’লজিষ্ট ড০ নিৰঞ্জন পাটিলে কয় যে চৰচ–ক’ভ ২ এটি আৰএনএ ভাইৰাছ আৰু আন আৰএনএ ভাইৰাছৰ দৰে ই অতি উচ্চ হাৰত উৎপৰিৱর্তিত হৈছে৷ যদি ভাইৰাছৰ সংক্রমণ অতি ভয়াৱহ হৈ পৰে আৰু ই জীৱনৰ হানি কৰে আৰু তেতিয়াই ইয়াৰ সংক্রমণৰ মাত্রা বন্ধ হ’বলৈ ধৰে৷ এনে পৰিপ্রেক্ষিতত চৰচ–ক’ভ ২ দীর্ঘদিন চলি নাথাকে৷ অমিক্রনে ক’ভিড মহামাৰীৰ সমাপ্তি ঘটাব পাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱা ভাইৰ’লজিষ্ট ড০ পাটিলৰ মতে পূর্বৰ ২ প্রকৰণতকৈ অমিক্রন কম ভয়াৱহ৷ হংকং বিশ্ববিদ্যালয় আৰু ইউনিভার্ছিটী কলেজ অৱ লণ্ডনে চলোৱা অধ্যয়ন মতে, অমিক্রন প্রকৰণে পূর্বৰ প্রকৰণতকৈ শ্বাস–প্রশ্বাস প্রক্রিয়া আৰু হাঁওফাঁওত কম আঘাত কৰে৷
এনে পৰিপ্রেক্ষিতত অক্সিজেনৰ পৰিমাণ দেহত হ্রাস পোৱাৰ ক্ষেত্রত কিছু কম হৈ থাকে৷ যাৰ বাবে অমিক্রনত আক্রান্ত হ’লে চিকিৎসালয়ত ভর্তি হোৱা আৰু আইচিইউত ভর্তি হোৱাৰ সম্ভাৱনা কম৷ এই ৰোগৰ সময় অতি চুটি, এই ৰোগত আক্রান্ত হ’লে ৩ৰ পৰা সর্বোচ্চ সাত দিনলৈ চলি থাকে৷ অমিক্রনত আক্রান্ত ৮৫ৰ পৰা ৯০ শতাংশ উপসর্গবিহীন আৰু আংশিকভাৱে টিকাকৰণ কৰা লোক৷ ভাইৰ’লজিষ্ট ড০ পাটিলে ডেল্টা প্রকৰণ অথবা ডেল্টা প্লাছৰ তুলনাত অমিক্রনত উপসর্গবিহীনভাৱে আক্রান্ত হয় বুলি উল্লেখ কৰি টিকাকৰণ নকৰা ব্যক্তিক সহজতে সংক্রমিত কৰে বুলি কয়৷