নিউজ ডেস্ক, ২৯ মে’ : এইবাৰ স্কুলীয়া পাঠ্যক্রমতো থাকিব অপাৰেচন সিন্দূৰ! এই ইংগিত পোৱা গ’ল কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ মন্তব্যত৷ এক অনুষ্ঠানলৈ গৈ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ইতিহাসক সঠিকভাৱে তুলি ধৰা উচিত৷ দেশৰ ক্ষমতা বৃদ্ধি হ’ব পৰা বিষয়বোৰ স্কুলৰ পাঠ্যপুথিত ৰাখিব বিচাৰে চৰকাৰে৷ এই কথা উল্লেখ কৰিলে কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে অপাৰেচন সিন্দূৰক লৈ এনচিইআৰটি–এ দেশজুৰি ‘গ্রীষ্মকালীন শিবিৰ’ৰ আয়োজন কৰাৰ নির্দেশ দিব বুলিও মন্তব্য কৰিছে শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে৷ ইতিমধ্যে ৰাজস্থানৰ স্কুল, কলেজৰ পাঠ্যক্রমত অপাৰেচন সিন্দূৰ অন্তর্ভুক্ত কৰা হৈছে৷ চলিত শিক্ষাবর্ষৰ পৰাই নতুন পাঠ্যক্রম গৃহীত হ’ব ৰাজ্যখনৰ একাধিক শ্রেণীত৷ অপাৰেচন সিন্দূৰ নামেৰে পৃথক এখন পুথিও থাকিব ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাত৷ অন্য কেইবাখনো ৰাজ্যই এই পদক্ষেপ গ্রহণৰ ইংগিত দিছে৷ ইয়াৰ মাজতে কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীয়ে ইংগিত দিলে যে এনচিইআৰটিৰ পাঠ্যক্রমতো অপাৰেচন সিন্দূৰক লৈ অধ্যায় সন্নিৱিষ্ট হ’ব৷
You might also like