নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ওড়িশাৰ ছেইলৰ দ্বাৰা পৰিচালিত ৰুৰকেল্লা তীখা প্লেণ্টত বিষাক্ত গেছ নির্গমনৰ ফলত চাৰিগৰাকী কর্মীৰ মৃত্যু হৈছে৷ তীখা কাৰখানাটোৰ পৰা নির্গত বিষাক্ত গেছৰ দ্বাৰা অন্য কেইবাগৰাকীও লোক আক্রান্ত হোৱা বুলিও সংবাদ মাধ্যমে সদৰী কৰিছে৷ তীখা কাৰখানাটোত কয়লা ৰাসায়নিক বিভাগত কালি পুৱাৰ ভাগত সংঘটিত হৈছে এই দুর্ঘটনা৷ গেছ নির্গমনৰ সময়ত ঘটনাস্থলীত কর্মৰত অৱস্থাত আছিল ১০গৰাকী কর্মী৷ তাৎক্ষণিকভাৱে ছেইলে এই ঘটনা সন্দর্ভত কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই৷