নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ভিড–১৯ আক্রান্ত ১ কোটি অতিক্রম

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ঘাতক ক’ভিড–১৯ৰ আক্রান্তৰে অনাকাংক্ষিত অভিলেখ ভাৰতৰ৷ বিগত তিনি মাহৰ তুলনাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পালেও মহামাৰী ভাইৰাছটোৰ সংক্রমণ অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত ২২ সহস্রাধিক লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ১ কোটি অতিক্রম কৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পাছত দ্বিতীয়খন দেশ হিচাপে আক্রান্তৰ সংখ্যা ১ কোটি অতিক্রম কৰিলে ভাৰতে৷ দেশখনত মুঠ আক্রান্তৰ সংখ্যা ১,০০,০৪,৫৯৯জন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই তথ্য প্রকাশ কৰিছে৷ ইপিনে বিগত ২৪ ঘণ্টাত ৩৪৭জন লোকে প্রাণ হেৰুওৱাত দেশত ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,৪৫,১৩৬জনলৈ বৃদ্ধি পাইছে৷

ইপিনে আক্রান্তৰ সংখ্যা ১ কোটি অতিক্রম কৰিছে যদিও সুস্থতাৰ হাৰো বৃদ্ধি পাইছে৷ দেশত সুস্থতাৰ হাৰ ৯৫.৪৬ শতাংশ৷ আনপিনে মৃতকৰ হাৰ ১.৪৫ শতাংশ৷ দেশত সম্প্রীতি ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৩,০৮,৭৫১জন৷ উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ৭ আগষ্টত আক্রান্তৰ সংখ্যা ২০ লাখ অতিক্রম কৰাৰ বিপৰীতে ২৩ আগষ্টত আক্রান্তৰ সংখ্যা আছিল ৩০ লাখ৷ আনপিনে ৫ ছেপ্ঢেম্বৰত ৪০ লাখ, ১৬ ছেপ্ঢেম্বৰত ৫০ লাখ, ২৮ ছেপ্ঢেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ. ২৯ অক্টোবৰত ৮০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ লোক আক্রান্ত হৈছিল৷ ইয়াৰ বিপৰীতে ২১ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে আক্রান্তৰ সংখ্যা নিম্নগামী হয়৷ সেই সময়ছোৱাত তুলনামূলকভাৱে পূর্বতকৈ আক্রান্তৰ সংখ্যা হ্রাস পায়৷

উল্লিখিত সময়ছোৱাত ১০ লাখ লোক আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ১ কোটি অতিক্রম কৰে৷ তাৎপর্যপূর্ণ যে বিশ্বৰ সকলো দেশৰ তুলনাত ভাৰতত সুস্থতাৰ হাৰ সবাতোকৈ বেছি৷ তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৬ কোটিতকৈ অধিক লোকৰ ক’ৰোনা ভাইৰাছ পৰীক্ষণ কৰা হৈছে৷ এই হিচাপত আক্রান্তৰ হাৰ ২.১৪ শতাংশ৷ গুৰুত্বপূর্ণ যে দেশত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ ৰাজ্যখনত ১৮.৮৮ লাখ আক্রান্ত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত ৯ লক্ষাধিকেৰে কর্ণাটক আৰু তৃতীয় স্থানত আছে ৮.৭৭ লাখেৰে অন্ধ্রপ্রদেশ৷ দেশৰ ৰাজধানী নতুন দিল্লী ষষ্ঠ স্থানত আছে ৬.১৪ লাখ আক্রান্তৰে৷

You might also like