নিয়মীয়া বাৰ্তা, ১৫ মে’: দেশত অক্সিজেনৰ নাটনি অব্যাহত আছে৷ কেন্দ্রীয় চৰকাৰে হাস্পতালত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অতি প্রয়োজনীয় মেডিকেল অক্সিজেন যোগান ধৰাত তৎপৰতা দেখুৱালেও এতিয়াও অক্সিজেনৰ নাটনিৰ সমস্যা সমাধান হোৱা নাই৷ কেন্দ্রীয়শাসিত অঞ্চল গোৱাত যোৱা ২৪ ঘণ্টাত ১৩জন ক’ভিড ৰোগীৰ কৰুণ মৃত্যু ঘটিছে৷ ইয়াকে লৈ গোৱা চিকিৎসা মহাবিদ্যালয়ত চাৰি দিনত ৭৫জন ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱাইছে৷
চিকিৎসা মহাবিদ্যালয়খনত অক্সিজেনৰ নাটনি বিগত চাৰি দিন ধৰি অব্যাহত থকাত ক’ভিড ৰোগীৰ সঘনাই মৃত্যু ঘটিছে৷ গোৱা স্বাস্থ্য বিভাগৰ সূত্র মতে, গোৱা চিকিৎসালয়ত শুকুৰবাৰে পুৱা ২ বজাৰ পৰা ৬ বজাৰ ভিতৰত ক’ভিড ৱার্ডত অক্সিজেনৰ প্রচণ্ড নাটনি হয়, ইয়াৰ পৰিপ্রেক্ষিততে ১৩জন ৰোগীয়ে প্রাণ হেৰুৱায়৷ ইয়াৰ পূর্বে যোৱা মঙলবাৰে ২৬জন, বুধবাৰে ২০জন আৰু বৃহস্পতিবাৰে ১৫জন ৰোগীৰ মৃত্যু হৈছে৷
ইপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰসৃষ্ট পৰিৱেশ বিপজ্জনক হৈ আছে যদিও দেশজুৰি বিশেষকৈ মহাৰাষ্ট্র আৰু দিল্লীত আক্রান্তৰ হাৰ হ্রাস পোৱাত বিগত দুদিন ধৰি সামান্য পৰিমাণে আক্রান্তৰ সংখ্যা নিম্নগামী হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত আক্রান্তৰ সংখ্যা ৩,৪৩,১৪৪জন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বিগত ২২ দিন ধৰি একেৰাহে প্রতিদিনে তিনি লক্ষাধিক লোক আক্রান্ত হৈ আছে৷ অৱশ্যে মাজতে প্রায় ছদিন আক্রান্তৰ সংখ্যা চাৰি লক্ষাধিক অতিক্রম কৰিছিল৷
স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি কেৰালা, ওড়িশা, পঞ্জাব, অৰুণাচল প্রদেশ, পশ্চিমবংগ, হিমাচল প্রদেশ, তামিলনাডু, পুডুচেৰী, অসম আৰু মণিপুৰত আক্রান্তৰ হাৰ কিছু বৃদ্ধি হৈছে৷ আনপিনে, ছত্তিশগড়, মধ্যপ্রদেশ, ঝাৰখণ্ড, গোৱা, চণ্ডীগড়, উত্তৰাখণ্ড, জম্মু–কাশ্মীৰ আৰু লাডাখত বিগত সপ্তাহ ধৰি আক্রান্তৰ হাৰ কিছু পৰিমাণে হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত ৩.৪৩ লক্ষাধিক আক্রান্তক লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ২.৪০ কোটিৰো অধিক হৈছে৷ অৱশ্যে ইয়াৰ ভিতৰতে ২ কোটিৰো অধিক লোক বর্তমান সুস্থ হৈছে৷
আনহাতে, বিগত ছদিন ধৰি দেশত মৃতকৰ সংখ্যা প্রতিদিনে চাৰি সহস্রাধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত চাৰি সহস্রাধিক লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ২.৬২ লক্ষাধিক হৈছে৷ মন্ত্রালয়ৰ তথ্য মতে বৃহস্পতিবাৰে সন্ধিয়ালৈকে দেশজুৰি ৭,৯২,৯৮,৫৮৪জনক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷