নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সন্ত্রাসবাদীৰ সৈতে পাকিস্তানী জোৱান

🔹 স্নাইপাৰ লৈ চুবুৰীয়া ৰাষ্ট্রৰ এছএছজি জোৱানৰ চালচলন

বিশেষ বাৰ্তা, ২৩ জুলাই : জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীৰ ওপৰত সন্ত্রাসবাদী আক্রমণ অব্যাহত আছে৷ কালি পুৱা ৰাজৌৰিৰ নিৰাপত্তা চকীত সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাত নিৰাপত্তা বাহিনী আৰু সন্ত্রাসবাদীৰ মাজত সংঘর্ষ হয়৷ এই সংঘর্ষত এটা সন্ত্রাসবাদী নিহত হোৱাৰ বিপৰীতে এজন জোৱান আহত হৈছে৷ ইপিনে, জম্মু–কাশ্মীৰত বিগত মাহ ধৰি পাকিস্তানৰ এছএছজিৰ প্রাক্তন জোৱানে সন্ত্রাসবাদীৰ  সৈতে মিলিত হৈ নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ চলোৱাৰ তথ্য নিশ্চিত হোৱাৰ পিছতে ৫০০ পেৰা কমাণ্ডোৰ দ্বাৰা অভিযান চলাই থকা হৈছে৷ অঞ্চলটোত পাক অধিকৃত কাশ্মীৰৰ পৰা অনুপ্রৱেশ কৰা ৫ পাকিস্তানী এছএছ জোৱানক স্বয়ংক্রিয় অস্ত্রৰে চালচলন কৰি থকাৰ তথ্য চোৰাংচোৱাই লাভ কৰিছে৷ পাকিস্তানী সেনা জোৱানে সন্ত্রাসবাদীক ভাৰতীয় ভূমিত প্রৱেশ কৰোৱাত সহায় কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ জম্মু–কাশ্মীৰত পাঁচটা সন্ত্রাসবাদীৰ সৈতে পাক এছএছজিৰ জোৱানৰো চালচলন চোৰাংচোৱাই লাভ কৰাই নহয়, ড্রোনৰ জৰিয়তে এই সন্ত্রাসবাদী–এছএছজি জোৱানৰ আলোকচিত্র সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আলোকচিত্রত পৰম্পৰাগত পাঠানী পোছাক পিন্ধি সন্ত্রাসবাদীয়ে ভাৰতীয় ভূমিত চালচলন কৰা দেখা পোৱা গৈছে৷ ইয়াৰ পিছতেই জম্মু–কাশ্মীৰত সেনা তৎপৰ হৈ উঠিছে আৰু পাকিস্তানী সন্ত্রাসবাদীক কৰায়ত্ত কৰিবলৈ অভিযান চলাইছে৷

You might also like