নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে ইউৰোপলৈ ৰপ্তানি কৰিব ১ হাজাৰ টন পেৰাচিটামল

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ভাৰতে ইউৰোপৰ বিভিন্ন দেশলৈ প্রেৰণ কৰিব প্রায় এহাজাৰ টন পেৰাচিটামলৰ কেঁচামাল৷ এই কথা জানিবলৈ দিছে পিইপিচিএৰ অধ্যক্ষ দীনেশ ডুৱাই৷ পেৰাচিটামল ক’ভিড–১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয়৷ তেওঁ কয়– ইউৰোপিয়ান ইউনিয়নৰ পৰা যোৱা ১০ দিনত আমি পেৰাচিটামলৰ এপিআই ৰপ্তানি কৰিবৰ বাবে হেঁচা লাভ কৰিছোঁ৷ প্রায় ৮০০ টন পেৰাচিটামল এপিআই প্রতিমাহে তেওঁলোকে বিচাৰিছে৷

উল্লেখ্য যে জেনেৰিক ঔষধৰ ৰপ্তানিৰ ক্ষেত্রত ভাৰত হ’ল বিশ্বৰ অন্যতম প্রধান ৰাষ্ট্র৷ ভাৰতে ৩১খন ৰাষ্ট্রলৈ ১.৯ মিলিয়ন টেবলেট ৰপ্তানি কৰে৷ যোৱা মাহত ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে মেলেৰিয়া প্রতিষেধক হাইড্র’ক্সিক্ল’ৰকুইন আৰু পেৰাচিটামলকে ধৰি ২৪বিধ ঔষধ ৮৭খন দেশলৈ ৰপ্তানি কৰিছে৷

You might also like