নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমিত পৰিসৰত হ’ব গণৰাজ্য দিৱসঃ লালকিল্লাৰ পৰিৱর্তে ইণ্ডিয়া গেটলৈ পেৰেড

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে এইবেলি ব্যতিক্রম ৰূপত উদযাপন হ’ব গণৰাজ্য দিৱস৷ পূর্বৰ বিশাল আয়োজনৰ পৰিৱর্তে অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱস সীমিত পৰিসৰত উদযাপন কৰা হ’ব৷ ক’ভিড–১৯ৰ নির্দেশনা আৰু কঠোৰ এছ’পি মানি গণৰাজ্য দিৱসৰ কার্যসূচীত সীমিতসংখ্যক লোকৰহে উপস্থিতিত অনুমতি প্রদান কৰা হ’ব৷ ঐতিহাসিক ৰাজপথত বছৰ বছৰ ধৰি চলি অহা গণৰাজ্য দিৱসৰ পেৰেড এইবেলি অতি চুটি কৰা হ’ব৷ ক’ভিড নির্দেশনা মানি এক লাখতকৈও অধিক লোক সমৱেত হোৱা এই পেৰেডৰ কার্যসূচী প্রত্যক্ষ কৰিব মাত্র ২৫ হাজাৰ লোকে৷ ইয়াৰে ভিতৰত চাৰি হাজাৰ সাধাৰণ লোকে সুযোগ লাভ কৰিব৷ বাকীখিনি ভিভিআইপি আৰু ভিআইপি অতিথি থাকিব৷ আনপিনে, এই গণৰাজ্য দিৱসত নাথাকিব কোনো বিদেশী মুখ্য অতিথি৷

উল্লেখ্য যে এইবেলি গণৰাজ্য দিৱসৰ কার্যসূচী ব্রিটেইনৰ প্রধানমন্ত্রী ব’ৰিছ জনছন মুখ্য অতিথি হিচাপে উপস্থিত থকাটো নিশ্চিত হৈছিল যদিও ব্রিটেইনত ক’ৰোনা মহামাৰীয়ে পুনৰ ভয়াৱহ ৰূপ লোৱাত প্রধানমন্ত্রী জনছনে ভাৰত ভ্রমণ বাতিল কৰিছে৷ বিদেশী মুখ্য অতিথি অবিহনে উদযাপন কৰিবলগীয়া কার্যসূচীৰ সময়ত প্রতিৰক্ষা বাহিনীৰ শক্তি প্রদর্শনৰ সময়ো হ্রাস কৰা হৈছে৷ পূর্বতে তিনি সশস্ত্র বাহিনীৰ লগতে অর্ধসামৰিক বাহিনীয়ে শক্তি প্রদর্শন পেৰেডযোগে লালকিল্লালৈ গৈছিল যদিও এইবেলি এই কার্যসূচী ইণ্ডিয়া গেটতে সামৰণি মৰা হ’ব৷ অৱশ্যে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে প্রদর্শন কৰা প্রতীকপদসমূহৰ কার্যসূচী লালকিল্লালৈ যাব পাৰিব৷ আনহাতে, দিৱসৰ পেৰেডৰ কার্যসূচী বোট ক্লাব আৰু ইণ্ডিয়া গেটৰ লনত হাজাৰ হাজাৰ লোক সমৱেত হৈ বিগত বর্ষসমূহত উপভোগ কৰি আহিছে যদিও এইবেলি এই স্থানসমূহত কোনো লোকৰেই সমাগম নিষিদ্ধ কৰা হৈছে৷ গুৰুত্বপূর্ণ যে ৰাজপথত সামাজিক দূৰত্ব বর্তাই ৰাখি আসন স্থাপন কৰা হ’ব৷

আনহাতে, বিগত বর্ষত সাংস্কৃতিক কার্যসূচীত শিক্ষার্থী আৰু লোকগীতৰ শিল্পী ৬ সহস্রাধিকে অংশগ্রহণ কৰিছিল যদিও এইবেলি ক’ভিড–১৯ নির্দেশনা অনুসৰি ইয়াৰ সংখ্যা চাৰিশলৈ হ্রাস কৰা হৈছে৷ প্রতিৰক্ষা আৰু শিক্ষা সঞ্চালকালয়ে ৪০০ এই শিশু আৰু শিল্পীৰ ভিতৰত ২৭১ কন্যা আৰু ১৩১ ল’ৰাক নির্বাচিত কৰিছে৷ পেৰেডত অংশ লোৱা প্রতিৰক্ষা বাহিনীৰ জোৱানৰ সংখ্যও বিগত বর্ষৰ তুলনাত হ্রাস কৰা হৈছে৷ তিনি সশস্ত্র বাহিনী আৰু অর্ধসামৰিক বাহিনীৰ পেৰেডত অংশ লওঁতে প্রতিটো দলত বিগত বর্ষত ১৪৪জন জোৱান অন্তর্ভুক্ত কৰিছিল যদিও এইবেলি ইয়াৰ সংখ্যা ৯৬লৈ হ্রাস কৰা হৈছে৷

You might also like