নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰঠাত জিএছটি: পৰঠা খালে ভৰিব লাগিব ১৮ শতাংশ জিএছটি

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: পৰঠাপ্রিয়ৰ বাবে দুঃসংবাদ৷ এতিয়াৰে পৰা পেকিং পৰঠাত ১৮ শতাংশ জি এছ টি ভৰিব লাগিব৷ পৰঠাৰ জি এছ টিক লৈ দীর্ঘদিন ধৰি চলি থকা বিতর্কৰ অন্তত অৱশেষত ৰুটী আৰু ছাপাটীৰ পৰা পৰঠাক পৃথক কৰি ১৮ শতাংশ জি এছ টিৰ আওতালৈ আনিব৷ পৰঠাত ১৮ শতাংশ জি এছ টিৰ বিপৰীতে ৰুটী, ছাপাটী আৰু খাকৰাত ৫ শতাংশ জি এছ টি ভৰিব লাগিব৷ গুজৰাটৰ এপিলেট অথৰিটী অৱ এডভাঞ্চ ৰুলিং (এ এ এ আৰ)এ প্রকাশ কৰা মতে ৰুটী আৰু পৰঠাৰ মাজত বৃহৎ পার্থক্য থকাৰ বাবেই ৰুটীতকৈ পৰঠাত জি এছ টি অধিক লগোৱা হৈছে৷ পৰঠাত ১৮ শতাংশ জি এছ টি এতিয়াৰে পৰা গ্রহণ কৰিব লাগিব৷ আহমেদাবাদৰ বাদিলাল ইণ্ডাষ্ট্রিজে পৰঠা আৰু ৰুটীৰ মাজত বিশেষ পার্থক্য নাই বুলি জনোৱা অভিযোগ আৰু আবেদনক খণ্ডন কৰি এ এ এ আৰে পৰঠা আৰু ৰুটী সম্পূর্ণ পৃথক আখ্যা দি ৰুটীত ৫ শতাংশৰ বিপৰীতে পৰঠাত ১৮ শতাংশ জি এছ টি লগোৱাত অনুমোদন জনায়৷ বাদিলাল ইণ্ডাষ্ট্রিজে যুক্তি প্রদর্শন কৰা মতে ৰুটী আৰু পৰঠা আটাৰে তৈয়াৰ কৰা হয়৷ য’ত দুয়োবিধ প্রস্তুত কৰাৰ প্রক্রিয়াও একে, একে কাৰণত জি এছ টি দুয়োবিধত একে হ’ব লাগে৷ কিন্তু এ এ এ আৰে এই যুক্তি খণ্ডন কৰে৷ গুজৰাটৰ পূর্বে কেৰালাতো পৰঠাত ১৮ শতাংশ জি এছ টিত অনুুমোদন জনোৱা হৈছে৷ পৰঠাত ১৮ শতাংশ জি এছ টি লগোৱাৰ সিদ্ধান্ত প্রচাৰ হোৱাৰ লগে লগে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক টুইটাৰত দেশৰ নাগৰিকে কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ পেকিং পৰঠাত ১৮ শতাংশ জি এছ টিৰ সিদ্ধান্ত প্রচাৰ হোৱাৰ পাছতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি ব্রিটিছেও খাদ্য–সামগ্রীৰ ওপৰত কৰ লগোৱা নাছিল বুলি মোদী চৰকাৰক সমালোচনা কৰে৷ উল্লেখ্য যে পেকিং দৈ, লাছি, বাটাৰকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী যোৱা ১৮ জুলাইৰ পৰা জি এছ টি বলৱৎ কৰাৰ পাছত এইবাৰ পৰঠাত জি এছ টি লগাই সাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ শোধালে কেন্দ্রীয় চৰকাৰে৷

You might also like