নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ জলবায়ু চুক্তিৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ হ’ল আমেৰিকা

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ তিনি বছৰ বিলম্বন হোৱা পিছত আমেৰিকাই আনুষ্ঠানিকভাৱে পেৰিছ জলবায়ু চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ বিশ্বৰ প্রথমখন ৰাষ্ট্র হিচাপে আমেৰিকাই ৰাষ্ট্রসংঘৰ উদ্যোগত স্বাক্ষৰিত পেৰিছ জলবায়ু চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টোক লৈ কঢ়িয়াই আনিছে সন্দেহ৷ লক্ষণীয়ভাৱে ট্রাম্প প্রশাসনে এই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে আমেৰিকাজুৰি সৃষ্টি হৈছিল তীব্র প্রতিবাদৰ৷ শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ ভোটগণনা চলি থকা সময়তে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰ হোৱাটো নিশ্চিত হৈ পৰা বিষয়টোক বহু ৰিপাব্লিকানে আদৰণি জনাইছে৷ স্মর্তব্য যে ২০১৭ চনৰ জুন মাহত ৰাষ্ট্রপতি ট্রাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাই সমর্থন প্রত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছিল৷ লক্ষণীয়ভাৱে নির্বাচনী প্রচাৰ অভিযানত জ’ বিডেনে বিজয়ী হ’লে পুনৰ এই জলবায়ু চুক্তিক আমেৰিকাই সমর্থন জনাব বুলি ঘোষণা কৰিছিল৷

You might also like