নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ ছেপ্টেম্বৰৰ পৰা ক’ভিড প্রট’কল মানি সংসদৰ বর্ষাকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ:  মহামাৰী ক’ভিড–১৯ সৃষ্ট পৰিৱেশৰ বাবে সংসদৰ বর্ষাকালীন অধিৱেশনৰ কার্যসূচীত ব্যাপক পৰিৱর্তন অনা হৈছে৷ ক’ভিড–১৯ প্রট’কল অনুসৰি অনুষ্ঠিত হ’ব এই বর্ষাকালীন অধিৱেশন৷ অহা ১৪ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা সংসদৰ বর্ষাকালীন অধিৱেশনত প্রশ্ণকালীন ঘণ্টা আৰু সদস্যৰ ব্যক্তিগত বিধেয়ক বাতিল কৰা হৈছে৷ তদুপৰি লোকসভা আৰু ৰাজ্যসভাৰ শূন্যকাল সংৰক্ষিত কৰা হ’ব৷

লোকসভা আৰু ৰাজ্যসভা কার্যালয়ে নির্দেশনা জাৰি কৰি এই কার্যসূচী ঘোষণা কৰিছে৷ আনপিনে অধিৱেশনৰ প্রথমদিনাৰ বাহিৰে বাকীকেইদিন প্রথম সত্র পুৱা ৯ বজাৰ পৰা ১ বজালৈ আৰু দ্বিতীয় সত্র ৩ বজাৰ পৰা ৭ বজালৈ চলিব৷ প্রথমদিনা লোকসভাৰ কার্যসূচী পুৱা ৯ বজাৰ পৰা ১ বজালৈ চলিব৷ ২ ঘণ্টা বিৰতিৰ মূৰত ৩ বজাৰ পৰা ৭ বজালৈ চলিব৷ পৰৱর্তী অধিৱেশনৰ ১৭ দিনত পুৱা ৰাজ্যসভাৰ কার্যসূচী চলাৰ বিপৰীতে বিয়লি চলিব লোকসভাৰ কার্যসূচী৷

নির্দেশনা মতে, এইবেলি অধিৱেশনত সপ্তাহান্তিক বন্ধ নাথাকে৷ লোকসভা আৰু ৰাজ্যসভাৰ কার্যালয়ে প্রশ্ণকালীন ঘণ্টা আৰু সদস্যৰ ব্যক্তিগত বিধেয়ক বাতিল কৰা সন্দর্ভত তীব্র অসন্তুষ্টি ব্যক্ত কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে৷

You might also like