নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ ক’ভিড কালৰ সংকটৰ মাজতে নজিৰবিহীন প্রতিৰোধী ব্যৱস্থা তথা স্বাস্থ্যসন্মত বিধি গ্রহণ কৰি আজিৰে পৰা ১৮ দিনীয়াকৈ সংসদৰ বর্ষাকালীন অধিৱেশন অনুষ্ঠিত হ’ব৷
লক্ষণীয়ভাৱে মাজত এদিনো বিৰতি নোলোৱাকৈ সংসদৰ দুই সদন দুটা ছিফ্টত বহিব এই অধিৱেশনত৷ ইফালে ক’ভিড–১৯ পৰীক্ষাত নিগেটিভ ওলোৱা সাংসদসকলেহে এই অধিৱেশনত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব৷
ক’ভিড কালৰ সংকট সত্ত্বেও আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ এই বর্ষাকালীন অধিৱেশনত বিভিন্ন গুৰুত্বপূর্ণ বিধেয়ক তথা অধ্যাদেশ চৰকাৰে উত্থাপন কৰিব৷
লক্ষণীয়ভাৱে প্রথমবাৰৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন দুটা ভিন্ন ছিফ্টত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ সাংসদসকলৰ কাৰণে সদনত বহাৰ বাবে বিশেষ ব্যৱস্থাও কৰা হৈছে৷
ৰাজ্যসভাৰ অধিৱেশন পুৱা ৯ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে লোকসভাৰ অধিৱেশন ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ’ব৷
দুয়ো সদনৰ অধিৱেশনৰ মাজৰ বিৰতিৰ সময়ত সমগ্র সংসদ ভৱন চৌহদ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে৷
স্মর্তব্য যে দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে সংসদৰ অধিৱেশনৰ পূর্বে সর্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে চৰকাৰ৷
ইফালে প্রথমবাৰৰ বাবে এইবাৰ সংসদৰ অধিৱেশনত নাথাকিব প্রশ্ণোত্তৰ কাল৷ ক’ভিড–১৯ সংক্রমণৰ প্রতিৰোধী ব্যৱস্থাৰে আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ এই অধিৱেশনৰ বাবে মুঠ ৪৭খন বিধেয়ক তথা অধ্যাদেশ অনুমোদনৰ বাবে উত্থাপন কৰিব চৰকাৰে৷ এই বিধেয়কসমূহৰ ভিতৰত কৃষিক্ষেত্রৰে জড়িত তিনিখন গুৰুত্বপূর্ণ বিধেয়কো থাকিব৷
ইফালে পূব লাডাখত চীনৰ সৈতে চলা উত্তেজনাৰ বিষয়টো সন্দর্ভত অধিৱেশনৰ আৰম্ভণিৰ পূর্বেই চৰকাৰে এক বিবৃতি প্রকাশ কৰাৰ সম্ভাৱনা আছে৷