নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ নির্মাণ–বৃক্ষৰোপণৰ নামত বিটিচিৰ চাৰি জিলাত ৬৫০ কোটিৰ লুণ্ঠন

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ নিযুক্তি কেলেংকাৰিৰ সমান্তৰালভাৱে বিটিচিত এম জি এনৰেগা আঁচনি ৰূপায়ণতো সংঘটিত হৈছে পর্বতসম কেলেংকাৰি৷ এই বৃহৎ দুর্নীতিৰ স্বৰূপ উন্মোচনৰ বাবে ব্যাপক অভিযান আৰম্ভ কৰিছে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে৷

দলটোৱে বি টি এ ডিৰ অন্তর্ভুক্ত গাঁওসমূহত ধাৰাবাহিক সমীক্ষা চলাই এম জি এনৰেগাৰ অধীনত জবকার্ড বিতৰণত সংঘটিত দুর্নীতি সন্দর্ভত প্রামাণিক তথ্য সংগ্রহৰ কাম অব্যাহত ৰাখিছে৷ ইউ পি পি এলৰ মতে হাগ্রামা মহিলাৰীৰ শাসনকালত এম জি এনৰেগা ৰূপায়ণৰ নামত কমেও ৬৫০ কোটিৰ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে৷ এই কেলেংকাৰিত পৰিষদৰ ওপৰ মহলৰ পৰা ভি চি ডি চিৰ সদস্যলৈকে সকলো জড়িত হৈ আছে৷

জবকার্ড কেলেংকাৰিৰ শিপা বিচাৰি  বিটিচিৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ দাইলুংঝাৰ গাঁৱত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷ এই সভাতে এম জি এনৰেগাৰ অধীনত বৃক্ষৰোপণৰ বাবে আবণ্টিত ৫ লাখ টকা কোনো কাম নকৰাকৈ সৰকাই নিয়াৰ তথ্য উন্মোচিত হয়৷ সভাত স্থানীয় ৰাইজে অৱগত কৰে যে গাঁৱৰ শ্মশান নির্মাণৰ বাবে আবণ্টিত ধনৰো ব্যাপক হৰলুকী হৈছে৷ এই দুর্নীতিত বি পি এফ দলৰ পাণবাৰী ভি চি ডি চিৰ প্রাক্তন চেয়াৰমেন ৰঞ্জন বড়ো আৰু জি আৰ এছ পার্বতী বসুমতাৰী প্রত্যক্ষভাৱে জড়িত হৈ আছে৷

উক্ত কামটোৰ বাবে জবকার্ড থকা স্থানীয় ব্যক্তিক জড়িত কৰাৰ সলনি দূৰৈৰ অঞ্চলৰ কিছুমান ব্যক্তিক জড়িত কৰা হৈছিল৷ যাৰ বাবে প্রথমাৱস্থাত ৰাইজে এই দুর্নীতিৰ বিষয়ে অৱগত হোৱা নাছিল৷ কিন্তু পৰৱর্তী সময়ত সকলো তথ্যই পোহৰলৈ আহে৷ আজি এম জি এনৰেগাৰ দুর্নীতি সন্দর্ভত আয়োজিত সভাখনত উপস্থিত থাকি ইউ পি পি এল দলৰ কেন্দ্রীয় সম্পাদক কামাল আজাদে কয় যে বি পি এফ দলে যোৱা ১৭ বছৰ ধৰি ৰাইজৰ ধন লুটি–পুতি খাইছে৷ বিটিচিৰ অন্তর্ভুক্ত চাৰিখন জিলাত এই সময়ছোৱাত ৬৫০ কোটি টকাৰ দুর্নীতি সংঘটিত হৈছে৷ দুর্নীতিত লিপ্ত ভি চি ডি চি, জি আৰ এছসকলৰ এই দুর্নীতিৰ তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনোৱাৰ লগতে তেওঁ বিটিচিত এম জি এনৰেগা আঁচনিখন লুণ্ঠনৰ অন্য নাম হৈ পৰিছে বুলিও মন্তব্য কৰে৷

You might also like