নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেছোৱাৰৰ স্কুলৰ নৰসংহাৰত ভাৰত জড়িত!

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  বাৰে বাৰে ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত হোৱা পাকিস্তানত এইবাৰ প্রধানমন্ত্রী ইমৰান খানৰ ৰাষ্ট্রীয় নিৰাপত্তা ক্ষেত্রত উপদেষ্টা হিচাপে থকা ময়ীদ ইউছুফে কৰা এক মন্তব্যক কেন্দ্র কৰি দেশখনৰ অভ্যন্তৰতে সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ সাংবাদিক কৰণ থাপাৰৰ সৈতে এক নিউজ প’র্টেলৰ বাবে হোৱা সাক্ষাৎকাৰত ইউছুফে উল্লেখ কৰিছিল যে ২০১৪ চনত পেছোৱাৰস্থিত সেনা পৰিচালিত বিদ্যালয়ত সংঘটিত সন্ত্রাসবাদী আক্রমণত ভাৰত জড়িত আছিল৷ লক্ষণীয়ভাৱে এই সন্ত্রাসবাদী কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল পাক তালিবানে৷ নিউজ প’র্টেল ‘দ্য ৱায়াৰ’ত এই সাক্ষাৎকাৰ প্রকাশ পোৱাৰ লগে লগে ভাৰততেই নহয়, পাকিস্তানৰ অভ্যন্তৰতো প্রধানমন্ত্রী ইমৰান খান তথা ময়ীদ ইউছুফ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷ ইউছুফে অভিযোগ কৰা অনুসৰি পেছোৱাৰত সংঘটিত আক্রমণৰ মাষ্টাৰ মাইণ্ড আছিল আফগানিস্তানৰ জালালাবাদৰ৷ জালালাবাদস্থিত ভাৰতীয় কনছুলেট কার্যালয়ৰ কর্মীৰ সৈতে সম্পর্ক আছিল পেছোৱাৰস্থিত সেনা বিদ্যালয়ত নৰসংহাৰ সংঘটিত কৰা মাষ্টাৰ মাইণ্ডৰ৷ ময়ীদ ইউছুফৰ এই অভিযোগৰ পিছতে পাকৰ ভাৰতবিদ্বেষী নতুন দিশ উন্মোচন হোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷

You might also like