নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুদ্ৰ একুৰিয়ামত মাছ পোহা পশু নিৰ্যাতন

ফ্ৰান্সৰ এখন আগশাৰীৰ একুৰিয়াম বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানে বন্ধ কৰিলে মৎস ৰখা সৰু পাত্ৰৰ বিক্ৰী। কাৰণ এনে সৰু গোলাকৃতিৰ পাত্ৰত মাছ পুহিলে সেই মাছৰ মানসিক অৱস্থাৰ ক্ষিপ্ৰ অৱনতি ঘটে আৰু মাছটো সোনকালে মৰি থাকে। ফ্ৰান্সৰ পশু তথা জীৱৰ যতন লোৱা ব্যৱসায়িক প্ৰতিষ্ঠান AgroBiothers Laboratoire এ এই সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰিছে। ১৫ লিটাৰতকৈ কম পানী ধাৰণ কৰিব পৰা মাছ ৰখা পাত্ৰ তেওঁলোকে আৰু বিক্ৰী নকৰে। ফিল্টাৰ আৰু অক্সিজেন উৎপন্ন কৰিব নোৱাৰা তেনে সৰু পাত্ৰত মাছ পোহাতো মৎস তথা পশুক কৰা নিৰ্যাতন। প্ৰতিষ্ঠানখনৰ মুখ্য কাৰ্যৱাহীয়ে জনোৱা মতে, সোণালী মাছৰ আয়ুস কাল ৩০ বছৰৰো বেছি আৰু ২৫ ছেণ্টিমিটাৰলৈ সিঁহত বাঢ়িব পাৰে। কিন্তু ক্ষুদ্ৰ পাত্ৰত ৰখাৰ ফলত তেনে মাছ মাত্ৰ কেই সপ্তাহৰ ভিতৰতে মৰি থাকে। উল্লেখনীয় যে, জাৰ্মানী আৰু আন বহু ইউৰোপীয় দেশত তেনে মাছ পোহা একুৰিয়াম নিসিদ্ধ কৰা আছে।

You might also like