নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি লিটাৰ পেট্র’লৰ ৯.৫০–ডিজেলৰ দাম ৭ টকা হ্রাস

নিয়মীয়া বাৰ্তা, ২২ মে’: ইন্ধনৰ দামবৃদ্ধিক লৈ ত্রাহিমধুসূদন দেখা দেশবাসীক সাময়িক সকাহ কেন্দ্রীয় চৰকাৰৰ৷ আজি মাজনিশাৰে পৰা কার্যকৰী হোৱাকৈ প্রতিলিটাৰ পেট্র’লত ৯.৫০ টকা আৰু প্রতিলিটাৰ ডিজেলত ৭ টকা হ্রাস কৰা হৈছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি ঘোষণা কৰা অনুসৰি, কেন্দ্রীয় চৰকাৰৰ আবকাৰী শুল্ক প্রতিলিটাৰ পেট্র’লত ৮ টকা আৰু প্রতিলিটাৰ ডিজেলত ৬ টকা হ্রাস কৰা হৈছে৷ আবকাৰী শুল্ক হ্রাস কৰাৰ পিছত প্রতিলিটাৰ পেট্র’লত ৯.৫০ টকা আৰু প্রতিলিটাৰ ডিজেলত ৭ টকা আজি নিশাৰে পৰা হ্রাস পাব৷

কেন্দ্রীয় চৰকাৰে আবকাৰী শুল্ক হ্রাস কৰি পেট্র’ল–ডিজেলৰ দাম কিছু হ্রাস কৰাৰ পিছত সকলো ৰাজ্যকে, বিশেষকৈ যিকেইখন ৰাজ্যই ২০২১ চনৰ নৱেম্বৰত দুয়োবিধ ইন্ধনৰ দাম হ্রাস কৰা নাছিল, সেইকেইখন ৰাজ্যক দাম হ্রাস কৰিবলৈ আহ্বান জনায় কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে৷ মন কৰিবলগীয়া যে পাঁচ ৰাজ্যৰ নির্বাচন সমাপ্ত হোৱাৰ পিছত যোৱা ২২ মার্চৰ পৰা ১৪ দিন পেট্র’ল আৰু ডিজেলৰ দাম দিনে দিনে পইচা পইচাকৈ বৃদ্ধি কৰি দুয়োবিধ ইন্ধনত ১০ টকাকৈ বৃদ্ধি কৰিছিল৷ যোৱা ৬ এপ্রিলত দুয়োবিধ ইন্ধনৰ প্রতিলিটাৰত ৮০ পইচাকৈ অন্তিমবাৰৰ বাবে বৃদ্ধি কৰাৰ পিছত বিগত ৪০ দিন ধৰি পেট্র’ল–ডিজেলৰ দাম একে আছে৷ ১৪ দিন ধৰি দুয়োবিধ ইন্ধনৰ দাম বৃদ্ধি কৰাত দেশৰ প্রতিখন ৰাজ্যতে পেট্র’লৰ দামে ১০০ টকা অতিক্রম কৰে৷ ঠিক তেনেদৰে ডিজেলৰ দামো ১০০ টকাৰ ওচৰ চাপে৷

বিগত ৪০ দিন ধৰি পেট্র’ল–ডিজেলৰ দাম অপৰিৱর্তিত হৈ থকাৰ মাজতে আজি কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লত ৯.৫০ টকা আৰু ডিজেলত ৭ টকা হ্রাস কৰাটো দেশবাসীৰ বাবে কিছু সকাহ বুলি চর্চিত হৈছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰে দুয়োবিধ ইন্ধনৰ দাম হ্রাস কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ ১ লাখ কোটি টকা ৰাজহ কমকৈ সংগ্রহ হ’ব৷ আনহাতে, প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ ৯ কোটিতকৈ অধিক হিতাধিকাৰীৰ বাবে সুখবৰ কঢ়িয়াই ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য ২০০ টকা দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like