নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: বহুপ্রতীক্ষিত এক ইতিবাচক খবৰ দেশবাসীৰ বাবে৷ দেশত কিশোৰ–কিশোৰীক প্রদান কৰা হ’ব ক’ভিড–১৯ ভেকচিন৷ প্রখ্যাত কোম্পানী জাইডাছ কেডিলাৰ ক’ভিড ভেকচিন ‘জাইক’ভ–ডি’ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই৷
দেশীয়ভাৱে বিকশিত ১২ বছৰ ঊর্ধ্বৰ কিশোৰক প্রদান কৰিবলগীয়া এই ক’ভিড ভেকচিন পৃথিৱীৰ ভিতৰতেই প্রথমটো বেজীবিহীন ভেকচিন৷ তিনি পালিৰ জাইক’ভ–ডি ভেকচিন ১২ বছৰ ঊর্ধ্বৰ পৰা ১৮ বছৰ বয়সলৈকে জৰুৰীকালীন ব্যৱহাৰত শুকুৰবাৰে ডি চি জি আয়ে অনুমোদন জনোৱাৰ লগে লগে কিশোৰ–কিশোৰীক ভেকচিন প্রদানৰ অপেক্ষাৰ অন্ত পৰিল৷
উল্লেখ্য যে জেনেৰিক ঔষধ প্রস্তুতকাৰী কোম্পানী কেডিলা হেলথ কেয়াৰ লিমিটেডে যোৱা ১ জুলাইত ১২–১৮ বছৰ বয়সৰ মাজৰ কিশোৰ–কিশোৰীক জৰুৰীকালীনভাৱে ক’ভিড ভেকচিন জাইক’ভ–ডি ব্যৱহাৰৰ অনুমোদন বিচাৰিছিল৷ জাইডাছ কেডিলাৰ সেই আবেদনৰ ভিত্তিত ডি চি জি আয়ে ব্যৱহাৰত অনুমোদন জনায়৷
জাইক’ভ–ডি ভেকচিন হৈছে পৃথিৱীৰ প্রথম আৰু ভাৰতত থলুৱাভাৱে বিকশিত ডি এন এ আধাৰিত ক’ৰোনা ভাইৰাছৰ ভেকচিন৷ এই ভেকচিনটো দেশজুৰি ২৮ হাজাৰতকৈও অধিক স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষণ চলোৱাত ভেকচিনটোৰ ফলপ্রসূতাৰ হাৰ ৬৬.৬ শতাংশ লাভ কৰিছে৷ কিশোৰ–কিশোৰীক জৰুৰীকালীনভাৱে ব্যৱহাৰত অনুমোদন জনোৱা জাইক’ভ–ডি ভেকচিন হৈছে ষষ্ঠটো ভেকচিন৷ ইয়াৰ পূর্বে দেশত অনুমোদন জনোৱা হৈছে ক’ভিশ্বিল্ড, ক’ভাক্সিন, স্পুটনিক–ভি, মডার্নাৰ ভেকচিন আৰু জনচন এণ্ড জনচনৰ ভেকচিন৷
উল্লেখ্য যে জাইডাছ কেডিলাৰ জাইক’ভ–ডি ভেকচিন মিছন ক’ভিড সুৰক্ষাৰ অধীনত ডি বি টিৰ সৈতে অংশীদাৰিত্বত কেডিলা হেলথ কেয়াৰ লিমিটেডে যুটীয়াভাৱে বিকশিত কৰিছে৷ মিছন ক’ভিড সুৰক্ষাৰ অধীনত এই ভেকচিনটোৰ মানৱ দেহত প্রথম আৰু দ্বিতীয় পৰীক্ষণ চলোৱা হৈছে৷ তিনি পালিৰ এই ভেকচিনটোৰ পার্শ্বক্রিয়া নাই বুলি জাইডাছ গ্রুপৰ অধ্যক্ষ পংকজ আৰ পেটেলে প্রকাশ কৰিছে৷ ভাৰত চৰকাৰৰ ডিপার্টমেণ্ট অৱ বায়’টেকন’লজীৰ সহায়ত আত্মনির্ভৰ ভাৰত মিছন আৰু ভাৰতীয় ভেকচিন মিছন ক’ভিড সুৰক্ষাক এই ভেকচিনটোৰ সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে জাইডাছ গ্রুপৰ অধ্যক্ষ পংকজ আৰ পেটেলে৷