নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ কিলোগ্রাম পিঁয়াজৰ দাম এহেজাৰ টকা! এই দেশত বিভিন্ন সামগ্রী বিক্রীৰ মাধ্যম হৈ পৰিল পিঁয়াজ

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: পূব এছিয়াৰ ৰাষ্ট্র ফিলিপাইনছত ভয়াৱহ মুদ্রাস্ফীতি ঘটিছে৷ ৰাজধানী মেনিলাত এতিয়া বিনিময় প্রথা আৰম্ভ হৈছে৷ দেশখনৰ ৰাজধানীত কালি আয়োজিত হৈছিল ‘পিঁয়াজ মহোৎসৱ’ বা অনিয়ন ফেষ্ট৷ ইয়াতে বিনিময়ৰ মাধ্যম কৰা হয় পিঁয়াজক৷ কাৰণ দেশখনত পিঁয়াজ কাটিলেই নহয়, ইয়াৰ দাম শুনিলেও চকুলো বাহিৰ হ’বলগীয়া অৱস্থা৷ সেইবাবে পিঁয়াজৰ বিনিময়ত এই মহোৎসৱত দোকানবোৰত চাবোন, ছেম্পু, বিস্কুট, চিপছ আদি বিক্রী কৰা হৈছে৷ ফিলিপাইনছৰ মুদ্রাৰ নাম ফিলিপাইন পেছো৷ বর্তমান অভাৱনীয়ভাৱে পিঁয়াজৰ দাম বৃদ্ধি পাইছে দেশখনত৷ অৱস্থা এনে পর্যায়লৈ গৈছে যে মাছ–মাংসতকৈও এতিয়া দাম বেছি পিঁয়াজৰ৷ এটা পিঁয়াজৰ দাম ৮৮ ফিলিপাইন পেছোলৈ উঠিছে৷ উল্লেখনীয় যে এহেজাৰ টকা ১ কিলোগ্রাম পিঁয়াজৰ দাম৷ গতিকে মুদ্রাতকৈ এতিয়া বিনিময়ৰ উৎকৃষ্ট মাধ্যম হৈ পৰিছে পিঁয়াজ৷ পিঁয়াজৰ বিনিময়ত শ্বপিং মলসমূহত বিভিন্ন সামগ্রী বিক্রী হোৱাৰ লগে লগে সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ অৱশ্যে এই মহোৎসৱত বিভিন্ন সামগ্রী বিক্রীৰ বিনিময়ত সংগ্রহ হোৱা পিঁয়াজ মহৎ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে মলসমূহে৷ এই পিঁয়াজসমূহ এটা দাতব্য প্রতিষ্ঠানৰ গুদামত জমা ৰখা হৈছে৷ এই পিঁয়াজবোৰ দেশখনৰ অতি গৰিব লোকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like