নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রদেশৰ ৰেৱাত ৫৮ বছৰীয়া মহিলাক ধর্ষণৰ পাছত নৃশংস হত্যা কিশোৰৰ

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: ৫৮ বছৰীয়া মহিলা এগৰাকীক ধর্ষণৰ পাছত পাশৱিক অত্যাচাৰ চলাই হত্যা কৰাৰ অভিযোগ উঠিছে ১৬ বছৰীয়া এজন কিশোৰৰ বিৰুদ্ধে৷ এই বর্বৰ ঘটনা সংঘটিত হৈছে মধ্যপ্রদেশত৷ অভিযোগ অনুসৰি, যৌন নির্যাতন চলোৱাৰ পাছতে মহিলাগৰাকীক ৰড আৰু শিকলিৰে প্রহাৰ কৰা হয়৷ আনকি মহিলাগৰাকীৰ গুপ্তাংগতো আঘাত কৰে দুষৃকতিকাৰীয়ে৷ ইয়াৰ উপৰি নির্যাতন চলোৱাৰ সময়ত মহিলাগৰাকীৰ মুখত পলিথিনৰ বেগ সোপা দি ধৰিছিল অভিযুক্তই৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কিশোৰক গ্রেপ্তাৰ কৰিছে৷ মধ্যপ্রদেশৰ ৰেৱা জিলাৰ কৈলাসপুৰ গাঁৱত সংঘটিত হৈছে এই পাশৱিক অপৰাধ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, প্রতিবেশী মহিলাৰ ওপৰত প্রতিশোধ ল’বলৈ এই লোমহর্ষক হত্যাকাণ্ড সংঘটিত কৰে অভিযুক্তই৷ দুবছৰ পূর্বে মহিলাগৰাকীৰ বাসগৃহৰ পৰা কিশোৰজনে ম’বাইল ফোন চুৰি কৰাৰ অভিযোগ দিছিল৷

You might also like