নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ভাৰতবৰ্ষৰ ডিজিটেল পেইমেন্টছ এপ PhonePe য়ে যোৱা সপ্তাহত তেওঁলোকৰ #100CrorePledge অভিযানক সকলোৱে আদৰি লোৱাৰ পাছত, #i4India নামেৰে ৰাষ্ট্ৰজুৰি এটা অভিযান আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে ৷
#i4India অভিযানত ল’কডাউনৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে অহৰহ 24/7 কৰ্তব্য পালন কৰি থকা চৰকাৰী সংস্থাসমূহ, চিকিৎসকসকল, স্বাস্থ্য কৰ্মী, আৰক্ষী প্ৰশাসন আৰু জৰুৰীকালীন কৰ্মীসকলৰ মানৱতাবাদী প্ৰয়াসক প্ৰতিজন ভাৰতীয়ই যাতে সমৰ্থন কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে ৷
#i4India অভিযানত যোগদান কৰিবৰ বাবে, PhonePe য়ে অন্ততঃ 10 কোটি ভাৰতীয়ক PMCARES ফাণ্ডলৈ উদাৰচিত্তে বৰঙণি আগবঢ়াবলৈ আহ্বান কৰিছে৷ এপ্ৰিল 30, 2020 ৰ ভিতৰত PhonePe ৰ মাধ্যমেৰে UPI ব্যৱহাৰ কৰি PMCARES ফাণ্ডলৈ দান কৰা সকলো ভাৰতীয়ৰ হৈ PhonePe ৰ ফালৰ পৰা প্ৰতিটো দানৰ লগত ₹10 টকাকৈ যোগ দিয়া হ’ব৷ সকলো মিলাই, PhonePe য়ে এই সাহাৰ্য্যৰ অৰ্থে সৰ্বাধিক 100 কোটি পৰ্য্যন্ত টকা বৰঙনি আগবঢ়োৱাৰ সংকল্প লৈছে ৷
PhonePe য়ে এসপ্তাহৰ আগতে এই দান অভিযান আৰম্ভ কৰিছে, আৰু ইতিমধ্যে 10 লাখৰো অধিক ভাৰতীয়ই PhonePe এপৰ মাধ্যমেৰে PMCARES ফাণ্ডলৈ দান কৰিছে৷ ইয়াৰ লগতে কোম্পানীয়েও যোৱা এসপ্তাহত PMCARES ফাণ্ডত 1 কোটি টকাৰ অৱদান আগবঢ়াইছে ৷
#i4India অভিযানৰ বিষয়ে, PhonePe ৰ প্ৰতিষ্ঠাপক আৰু মূখ্য কাৰ্য্য নিৰ্বাহক সমীৰ নগমে কৈছে, “নতুন #i4India অভিযান হ’ল আমাৰ যোৱা সপ্তাহত চলোৱা মূল #100CrorePledge দান অভিযানৰ অভূতপূৰ্ব সহাঁৰিৰ এক প্ৰতিবিম্ব৷ পাঁচ দিনতকৈও কম সময়ত আমাৰ এপৰ মাধ্যমেৰে 10 লাখৰো অধিক লোকে PMCARES ফাণ্ডত দান কৰিছে৷ আমি প্ৰতিজন ভাৰতীয়ক একত্ৰিতভাৱে সহযোগক কৰি উদাৰতাৰে অনুদান আগবঢ়াবলৈ আহ্বান জনাইছো ৷ ₹1 হওক নাইবা ₹1,00,000 হওক৷ এইসময়ত প্ৰতিটো টকা মূল্যবান আৰু সকলো ভাৰতীয়ৰ অৱদান উল্লেখনীয় ৷”
UPI ৰ মাধ্যমেৰে কৰা সকলো দান দাতাৰ একাউন্টৰ পৰা পোনপটীয়াকৈ PMCARES ফাণ্ডৰ বেংক একাউন্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব ৷ দান কৰা ৰাশিটো 80G ৰ অধীনত 100% কৰ মুক্ত ৷ এই প্ৰত্যাহ্বানৰ সময়ছোৱাত, যিকোনো পৰিমাণৰ বৰঙনিয়েই অতি মূল্যবান ৷