নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ ঘণ্টা ‘হেণ্ড গ্লভছ’ পিন্ধাৰ পাছত স্বাস্থ্যকৰ্মীসকলৰ হাতৰ ছবি দেখিলে আতংকিত হৈ পৰিব আপুনিও..

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ মাৰ্চ মাহৰ পৰায়ে দেশজুৰি আৰম্ভ হৈছিল ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখন । দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখন চলাই নিছে চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলে ।

গোটেই দিনটো ক’ৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰাৰ পাছত এগৰাকী চিকিৎসকৰ হাতৰ এখন ছবি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ।

এই ছবিখন আইএএছ বিষয়া অৱনীশ শাৰনে তেওঁৰ ব্যক্তিগত টুইটাৰ একাউণ্টত পোষ্ট কৰিছে । তেওঁ লিখিছে- “১০ ঘণ্টাৰ ছিফ্টৰ পাছত চাওক এজন চিকিৎসকৰ হাতৰ কি অৱস্থা । ক’ভিড-১৯ ৰ সৈতে সন্মুখৰ পৰা যুঁজ দিয়া সকলো স্বাস্থ্যকৰ্মীক ছেলুট ।”

বৰ্তমান এই ছবিখনে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইপিনে দীৰ্ঘসময়ধৰি মাস্ক পৰিধান কৰাৰ পাছত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ মুখত কেনেধৰণৰ দাগ সৃষ্টি হয়, তাৰ ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ।

You might also like