নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ ভূমিপূজন স্থগিতৰ পিআইএল খাৰিজ আদালতৰ

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ   অহা ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন কার্যসূচী স্থগিত ৰখাৰ দাবীত জনোৱা ৰাজহুৱা স্বার্থজনিত আবেদন (পিআইএল) এখন খাৰিজ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ মুম্বাইস্থিত সমাজকর্মী ছাকেট গোখলেই মহামাৰী ক’ভিড–১৯ৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু উত্তৰ প্রদেশ চৰকাৰৰ নির্ধাৰিত নির্দেশনা উলংঘন কৰি প্রায় ৩০০ লোকৰ সমাগম হোৱাটো উচিত নহয় বুলি উল্লেখ কৰি এই কার্যসূচী স্থগিত ৰখাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল৷ এই আবেদনখনৰ শুনানি আজি গ্রহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে৷ তদুপৰি উচ্চ ন্যায়ালয়ে এই ধৰণৰ বিষয়ত হস্তক্ষেপ নকৰাৰ বিষয়ে স্পষ্টকৈ প্রকাশ কৰে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰখাটো অতিকে গুৰুত্বপূর্ণ বুলি পি আই এলত উল্লেখ কৰা বিষয়টোক লৈ উচ্চ ন্যায়ালয়ে এই সন্দর্ভত উত্তৰ প্রদেশ চৰকাৰে প্রয়োজনীয় প্রট’কল মানি চলাটো উচিত বুলি প্রকাশ কৰে৷

You might also like