বিমান যাত্ৰা এতিয়া তেনেই সুলভ আৰু সাধাৰণ কথা হৈ পৰিছে। বিমান এখনত সদায়ে দুজন পাইলট থাকে। যাত্ৰীৰ সুৰক্ষাৰ বাবেই এজন পাইলট আৰু এজন কো-পাইলট থাকে। তাৰে এটা আচৰিত কথা যে, এই দুয়োজন পাইলটক কেতিয়াও একেধৰণৰ খাদ্য খাবলৈ দিয়া নহয়।
১৯৮৪ চনত লণ্ডনৰ পৰা নিউয়ৰ্কলৈ উৰা বিমান এখনত অঘটন এটা ঘটিছিল। বিমানখনত মুঠ ১২০জন যাত্ৰী আছিল। সকলো যাত্ৰী আৰু ক্ৰিউ সদস্যক একেজাতীয় খাদ্য দিয়া হৈছিল। খাদ্যত কিবা এটা পয়মাল ঘটিছিল আৰু খোৱাৰ পাছতে আটায়ে অসুস্থ হৈ পৰিছিল। মানুহবোৰৰ পেট চলা, বমি, জ্বৰ হ’বলৈ ধৰে আৰু শেষত ফুড পইজনিঙৰ বাবে এজন লোক মৃত্যুমুখতো পৰে। বিমানখনৰ দুয়োজন বৈমানিকে যথেষ্ট সমস্যাত পৰে। এনেধৰণৰ ঘটনাৰ পৰা হাত সাৰিবলৈকে তাৰ পাছৰে পৰা যথেষ্ট সতৰ্কতা অৱলম্বণ কৰা হয়। একেখন বিমানৰ দুয়োজন বৈমানিকক তেতিয়াৰে পৰা দিয়া হয় ভিন ভিন খাদ্য। সাধাৰণতে মূল পাইলটজনক ফাৰ্ষ্ট ক্লাচৰ খাদ্য আৰু সহযোগীজনক বিজনেচ ক্লাচৰ খাদ্য দিয়া হয়। কিছুমান বিমানে আকৌ গোটেই ক্ৰিউ সদস্যৰ বাবেই বেলেগকৈ খাদ্য ৰান্ধে।