নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট দেৰগাঁও পৌৰসভাৰ ৬৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৪৮৮৪৩ গৰাকীয়ে

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ কাইলৈ পুৱাৰে পৰা আৰম্ভ হবলগীয়া পৌৰসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ বাবে গোলাঘাট মহকুমা প্ৰশাসনে দুখন পৌৰসভাৰ ২৩ টা ৱাৰ্ডতে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে আজি গোলাঘাট পৌৰসভাৰ ১২ টা ৱাৰ্ডৰ ৩৭ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ইভিএম সহ সকলো সামগ্ৰী লৈ ৰাওনা হৈছে পুলিং, প্ৰিজাইডিং বিষয়া সকল। গোলাঘাট পৌৰসভাৰ অন্তৰ্গত ১২ টা ৱাৰ্ডতে মুঠ ৩০৯৯৩ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ । পৌৰসভা খনিত এটা ৱাৰ্ড বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰায ১২ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১২ টা ৱাৰ্ডত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়োৱা প্ৰতিদ্বন্দিতাত বিজেপিয়ে ৯ টা, অগপ ৪ টা, কংগ্ৰেছে ১১ টা, আপে ৪ টা, অজাপে দুটা, নিৰ্দলীয় দুটা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সেইদৰে দেৰগাঁও পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ২২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। পৌৰসভা খনিত মুঠ ১৭৮৫০ গৰাকী ভোটাৰে ২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। দেৰগাঁও পৌৰসভাৰ ১০ ৱাৰ্ডত বিজেপিয়ে ৭ টা, অগপই ৩ টা, কংগ্ৰেছে ১০ টা, নিৰ্দলীয় হিচাপে ৯ গৰাকীয়ে প্ৰতিদন্দিতা কৰিব। গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা জ’নত ৬ টা চেক্টৰ নিৰূপন কৰি নিৰ্বাচনী বিভাগে ২৩৬ গৰাকী পুলিং বিষয়া, ৩ গৰাকী জনেল বিষয়া, ৬ চেক্টৰ বিষয়া নিয়োগ কৰিছে। সেইদৰে আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত ১৬৬ গৰাকী আৰক্ষী নিয়োগ কৰিছে ।

প্ৰেৰকঃ ভৰত দত্ত গোলাঘাট

You might also like