নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয়তাৰ শীর্ষত প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  মহামাৰী ক’ৰোনাই দেশজুৰি বিভীষিকা সৃষ্টি কৰাৰ সময়তো প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা অকণো হ্রাস পোৱা নাই৷ প্রকৃতার্থত এই সংকটৰ সময়ছোৱাত তেওঁৰ জনপ্রিয়তা দেশবাসীৰ মাজত বৃদ্ধিহে পাইছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ বিৰোধী যুঁজৰ প্রধানমন্ত্রী মোদীয়ে দেখুওৱা দৃঢ়তা আৰু সবল নেতৃত্বই তেওঁক দেশবাসীৰ মাজত অধিক জনপ্রিয় আৰু আস্থাৱানহে কৰি তুলিছে৷ শেহতীয়াকৈ ‘ইণ্ডিয়া টুডে’’ আৰু ‘কার্ভি ইনছাইটে’ চলোৱা এক যৌথ সমীক্ষাত এই কথা প্রকাশ পাইছে৷ ‘মুড অৱ দ্য নেচন’ শীর্ষক এই সমীক্ষাত দেশৰ পৰৱর্তী প্রধানমন্ত্রীৰ প্রথম পছন্দৰ ব্যক্তিগৰাকীয়ে হ’ল প্রধানমন্ত্রী মোদী৷ সমীক্ষাত অংশ লোৱা দেশবাসীৰ ৬৬ শতাংশৰে পৰৱর্তী প্রধানমন্ত্রী হিচাপে প্রথম পছন্দ নৰেন্দ্র মোদী৷ আনহাতে, দ্বিতীয় পছন্দত থকা ৰাহুল গান্ধী তেওঁৰ পৰা বহু যোজন আঁতৰতে ৰৈ গৈছে৷ ৰাহুলে পৰৱর্তী প্রধানমন্ত্রী হিচাপে জনপ্রিয়তাত দহকৰ ঘৰো স্পর্শ কৰিব পৰা নাই৷ কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুলে মাত্র ৮ শতাংশৰহে সমর্থন লাভ কৰিছে সমীক্ষাটোত৷ ইপিনে, ৰাহুলৰ মাতৃ তথা কংগ্রেছৰ বর্তমানৰ সভানেত্রী ছোনিয়া গান্ধীয়ে পাইছে ৫ শতাংশৰ সমর্থন৷

উল্লেখনীয় যে যোৱা জানুৱাৰী মাহত চলোৱা এই একেটা সমীক্ষাত প্রধানমন্ত্রী মোদীয়ে ৫৩ শতাংশৰ বিপৰীতে ৰাহুলে ১৩ শতাংশৰ সমর্থন লাভ কৰিছিল৷ সেই হিচাপে যোৱা ছমাহত প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তা আৰু ১৩ শতাংশ বৃদ্ধি পাইছে৷ স্মর্তব্য যে যোৱা মার্চ মাহৰ পৰাই ভাৰতত ক’ৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে আৰু এই সময়ছোৱাত দেশ লকডাউনৰ কবলত আছে৷ প্রকাশ পোৱা মতে ক’ৰোনা মহামাৰী প্রতিৰোধত প্রধানমন্ত্রীয়ে লোৱা দৃঢ় পদক্ষেপে বিগত সময়ছোৱাত তেওঁৰ জনপ্রিয়তা দেশবাসীৰ মাজত আৰু অধিক বৃদ্ধি কৰিছে৷

You might also like