এক ইঞ্চি ভূমিও এৰি নিদিওঁ চীনৰ সৈতে চকুত চকু থৈ আগবাঢ়িম
সর্বদলীয় বৈঠকত প্রধানমন্ত্রী মোদীৰ দৃঢ় ঘোষণা
নিয়মীয়া বাৰ্তা ২০ জুনঃ ভাৰতে প্রতিটো বিষয়তে চীনৰ সৈতে চকুত চকু ৰাখি আগবাঢ়িব৷ আমি এক ইঞ্চিও ভূমি এৰি নিদিওঁ৷ আমাৰ সীমাত কোনেও প্রৱেশ কৰিব নোৱাৰে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ লাডাখৰ পৰিস্থিতিক লৈ শুকুৰবাৰে আয়োজিত সর্বদলীয় বৈঠকত ভিডঅ’ কনফাৰেঞ্চযোগে দেশবাসীক নিশ্চিত দি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য কৰি কয়– লাডাখত আমাৰ ২০ সাহসী জোৱানে চূড়ান্ত বলিদান দিলে৷ কিন্তু তেওঁলোকে আমাৰ মাতৃভূমিৰ প্রতি চকু দিয়াসকলক এশিকনি দি গ’ল৷ দেশৰ সকলো ৰাজনৈতিক দল আৰু দেশবাসীক আশ্বস্ত কৰি প্রধানমন্ত্রী মোদীয়ে এই কথাও নিশ্চিত কৰি দিয়ে যে দেশৰ ভূ–খণ্ডৰ ভিতৰত কোনো প্রৱেশ কৰা নাই কিম্বা কোনেও দেশৰ চকী দখল কৰা নাই৷ লাডাখৰ পৰিস্থিতিক লৈ সেনাক সকলো পদক্ষেপ গ্রহণ কৰিবলৈ ফ্রী হেণ্ড দিয়া বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতে শান্তি আৰু বন্ধুত্ব বিচাৰে, কিন্তু সকলোৰে ওপৰত সার্বভৌমত্ব৷
উল্লেখ্য যে যোৱা ১৫ জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০জন জোৱান শ্বহীদ হোৱাৰ পাছতে চীনৰ বিৰুদ্ধে দেশজুৰি ক্ষোভৰ উদ্গিৰণ ঘটে, তেনেদৰে বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ ভূমিকাক লৈ প্রশ্ন উত্থাপন কৰে৷ সেই লৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উক্ত বিষয়টোক লৈ আলোচনাৰ বাবে আজি সর্বদলীয় বৈঠকৰ আয়োজন কৰে৷ বৈঠক আনুষ্ঠানকভাৱে আৰম্ভ কৰে ২০ শ্বহীদ জোৱানক শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে৷ ইয়াৰ পাছতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে উক্ত ঘটনা সন্দর্ভত ব্যাখ্যা আগবঢ়োৱাৰ সমান্তৰালকৈ ঘটনাৰ পূর্বে আৰু ঘটনাৰ পাছত উক্ত অঞ্চলত ভাৰতীয় সেনা পূর্ণ ৰূপত সাজু হৈ থকা বুলি কয়৷ বিৰোধী ৰাজনৈতিক দলৰ বক্তব্য আৰম্ভ কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে চৰকাৰক পাঁচটা প্রশ্ন উত্থাপন কৰে৷ গালৱান উপত্যকাত চোৰাংচোৱা ব্যর্থ হোৱাৰ অভিযোগ তোলাৰ লগতে ঘটনা সন্দর্ভত ৰাজনৈতিক দলৰ লগতে দেশবাসী অন্ধকাৰত থকা বুলি কয়৷ এলএচিৰ পৰিস্থিতি আলোচনাৰ মাজেৰে সমাধানৰ সমস্ত প্রক্রিয়া ব্যর্থ হোৱাত মূল্যৱান সময় নষ্ট হোৱাৰ লগতে ২০জন শ্বহীদে প্রাণ হেৰুৱালগীয়া হোৱা বুলি কয় ছোনিয়া গান্ধীয়ে৷
ইপিনে, বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীয়ে চীনৰ ওচৰত কোনো কাৰণতে শিৰনত কৰিব নালাগে বুলি জোৰ দি কয়৷ চীন যিহেতুকে গণতান্ত্রিক দেশ নহয়, তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে৷ কিন্তু আনপিনে আমি একেলগে কাম কৰিব লাগিব বুলিও কয় মমতা বেনার্জীয়ে৷ ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে দেশপ্রেমৰ সময়ত সকলো ৰাজনৈতিক দলক একত্রিত হৈ কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ চিপিআইএমৰ নেতা সীতাৰাম য়েছুৰীয়ে এই বৈঠকত দেশক পঞ্চশীলৰ নীতিৰ ওপৰত প্রাধান্য দিবলৈ আহ্বান জনায়৷ দেশৰ স্বার্থৰ ক্ষেত্রত চৰকাৰৰ সৈতে কোনো মতভেদ নাই বুলি চীনৰ ক্ষেত্রত চৰকাৰৰ ভূমিকাক সমর্থন জনাব বুলি কয় বিহাৰৰ মুখ্যমন্ত্রী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে৷ এলজেপিৰ নেতা চিৰাপ পাছৱানে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত দেশ সুৰক্ষিত বুলি বৈঠকত মন্তব্য কৰে৷
আনপিনে, শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেই প্রধানমন্ত্রীক প্রশংসা কৰি এই সময়ত দেশ একত্রিত আৰু প্রধানমন্ত্রীৰ সৈতে আছে বুলি কয়৷ এনচিপিৰ মুৰব্বী তথা সাংসদ শাৰদ পাৱৰে আন্তর্জাতিক চুক্তিমতে জোৱানে অস্ত্র কঢ়িয়ায় নে নকঢ়িয়ায় সেই সন্দর্ভত গুৰুত্ব আৰোপ কৰি এই সংবেদনশীল বিষয়টোত দলৰ সমর্থন আছে বুলি মন্তব্য কৰে৷ আনপিনে, ডিএছপিৰ মুৰব্বী মায়াৱতীয়ে এই সময়ত ৰাজনীতিকৰণ উচিত নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রীৰ সৈতে থিয় দিব বুলি কয়৷ প্রধানমন্ত্রীগৰাকীয়্ কি সিদ্ধান্ত লয় তাতেই সমর্থন জনাব বুলি কয় মায়াৱতীয়ে৷ এই বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্রী তথা এনপিপিৰ মুৰব্বী কনৰাগ চাংমায়ো উপস্থিত থাকে৷ লক্ষণীয় যে এই বৈঠকলৈ আম আদমী পার্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক আমন্ত্রণ নজনালেও আপৰ মুৰব্বীগৰাকীয়ে চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রধানমন্ত্রীক আহ্বান জনায়৷ আনহাতে, বৈঠকলৈ নিমন্ত্রণ নজনোৱাৰ বাবে এআইএআইআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে ক্ষোভ প্রকাশ কৰে৷ বৈঠকলৈ আৰজেডিকো আমন্ত্রণ জনোৱা হোৱা নাছিল৷