নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: হাজাৰ ব্যস্ততাৰ পাছতো প্রতি বছৰৰ দৰে সীমান্তত ভাৰতীয় সেনাজোৱানৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ জোৱানৰ সৈতে দীপাৱলী উদযাপনৰ বাৰ্ষিক পৰম্পৰা অব্যাহত ৰাখি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিলত উপস্থিত হয়।
ভাৰত মাতৃৰ বীৰ সন্তানসকলৰ সৈতে কাৰ্গিলত দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা প্ৰতি বছৰে সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে।
মন কৰিবলগীয়া যে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাম জন্মভূমি অযোধ্যাত দেওবাৰে ‘দীপোৎসৱ’ত অংশগ্রহণ কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷