নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নতুন মন্ত্রীসভাৰ ৭৮গৰাকীৰ ভিতৰত ৩৩জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ অপৰাধমূলক গোচৰ থকা ৩৩ মন্ত্রীৰ এই গোচৰসমূহৰ ভিতৰত হত্যা, ডকাইতি আদি আছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিকছ ৰিফর্মছ চমুকৈ এ ডি আৰৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷
৭৮গৰাকী মন্ত্রীৰ ভিতৰত ৩৩গৰাকী অর্থাৎ ৪২ শতাংশ মন্ত্রীয়েই অপৰাধমূলক গোচৰত জড়িত৷ ইয়াৰে জন বার্লা, নিশিথ প্রামাণিক, পংকজ চৌধুৰী, ভি মুৰুলীধৰণ হত্যা সম্পর্কীয় গোচৰত জড়িত৷
আনপিনে, ৭৮ৰ ভিতৰত ৭০গৰাকী মন্ত্রী কোটিপতি৷ অর্থাৎ মন্ত্রীসভাৰ ৯০ শতাংশই কোটিপতি৷ এই ৭০গৰাকী মন্ত্রীৰ সম্পত্তি এক কোটিৰ ভিতৰত৷
সর্বাধিক সম্পত্তিৰ গৰাকী জ্যোতিৰাদিত্য সিন্ধিয়া৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৭৯ কোটি টকা৷ ইয়াৰ পিছত ৯৫ কোটি টকাৰ সম্পত্তিৰ গৰাকী পীয়ূষ গোৱেল, ৮৭ কোটি টকাৰ সম্পত্তি নাৰায়ণ ৰানে আৰু ৬৪ কোটি টকাৰ সম্পত্তিৰ গৰাকী ৰাজীৱ চন্দ্রশেখৰ৷ ৭০গৰাকী মন্ত্রীৰ গড় সম্পত্তি মূল্য ১৬.২৪ কোটি টকা৷
আনপিনে, ত্রিপুৰাৰ প্রতিমা ভূমিকৰ সম্পত্তিৰ মূল্য ৬ লাখ টকা৷ পশ্চিমবংগৰ জন বার্লাৰ ১৪ লাখ, ৰাজস্থানৰ কৈলাস চৌধুৰীৰ ২৪ লাখ, ওড়িশাৰ বিশ্বেশ্বৰ টুডুৰ ২৭ লাখ আৰু মহাৰাষ্ট্রৰ ভি মুৰুলীধৰণৰ সম্পত্তিৰ পৰিমাণ ২৭ লাখ টকা৷