নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশক প্রৱঞ্চনা–দুখীয়াক লুণ্ঠন কৰাসকলক ৰেহাই দিয়া নহ’ব

চিবিআই–চিভিচিৰ অভিৱর্তনত প্রধানমন্ত্রীৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ দেশক প্রৱঞ্চনা কৰা কিম্বা দুখীয়াক লুণ্ঠন চলোৱা কোনো লোককে চৰকাৰে ৰেহাই নিদিব৷ তেওঁ লাগিলে যিমানেই শক্তিশালী নহওক কিয়৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ কেন্দ্রীয় নিৰীক্ষণ আয়োগ, চমুকৈ চি ভি চি আৰু কেন্দ্রীয় অনুসন্ধান ব্যুৰ’, চমুকৈ চি বি আইৰ যুটীয়া অভিৱর্তন ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয়– সৰু কিম্বা ডাঙৰ দুর্নীতিয়ে কাৰোবাৰ কিম্বা আনৰ অধিকাৰ কাঢ়ি নিয়ে৷ ইয়ে দেশৰ সাধাৰণ জনতাক অধিকাৰৰ পৰা বঞ্চিত কৰে৷ দেশৰ বিকাশত বাধা প্রদান কৰে আৰু দেশৰ সংগৃহীত শক্তিৰ ওপৰত প্রভাৱ পেলায়৷ আজি দেশে এই কথা বিশ্বাস কৰিবলৈ লৈছে যে দেশক প্রৱঞ্চনা কৰা, দুখীয়াক লুণ্ঠন কৰাজন যিমানেই শক্তিশালী নহওক কিয়, তেওঁলোকক দেশৰ লগতে বিদেশত থাকিলেও ক্ষমা কৰি দিয়া নহয়৷ চৰকাৰে তেনে লোকক ৰেহাই নিদিয়ে৷

তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে তেওঁৰ চৰকাৰে বিগত ৬–৭ বছৰে কঠোৰ পৰিশ্রম কৰাৰ পাছত দেশৰ জনতাৰ মাজত এই কথাত বিশ্বাস জন্মিছে যে দুর্নীতিৰ বিৰুদ্ধে যুঁজা সম্ভৱ৷ ইয়াৰ বাবেই চৰকাৰৰ বিভিন্ন আঁচনি মধ্যভোগী নোহোৱাকৈ জনগণে লাভ কৰিবলৈ সক্ষম হৈছে৷ অর্থাৎ চৰকাৰৰ আঁচনিৰ পৰা লাভান্বিত হৈছে৷ ইপিনে পূর্বৰ চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে যুঁজাৰ বাবে সদিচ্ছা নথকা বুলি সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ বিৰুদ্ধে অপৰাধ কৰাজন পৃথিৱীৰ কোনো প্রান্ততে নিৰাপদ আশ্রয় হিচাপে থাকিব নোৱাৰে৷ গুজৰাটৰ কেৱাডিয়াত আয়োজিত চি বি আই আৰু চি ভি চিৰ যুটীয়া অভিৱর্তন প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেলযোগে সম্বোধন কৰি দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতি কেন্দ্রীয় চৰকাৰে গ্রহণ কৰি থকাটো স্পষ্ট কৰি দিয়ে৷

You might also like