‘আত্মনির্ভৰ ভাৰতৰ ফচল দুই ক’ভিড ভেকচিন’, দেশৰ বিজ্ঞানীসকলক ধন্যবাদ প্রধানমন্ত্রী মোদীৰ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতেই ভাৰতত দুটাকৈ ক’ৰোনা প্রতিষেধক জৰুৰী ভিত্তিক ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে। আৰম্ভ হৈছে টিকাকৰণ কর্মসূচী। এই সাফল্যৰ নেপথ্যত দেশৰ বিজ্ঞানীসকলক সম্পূর্ণ কৃতিত্ব দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। সোমবাৰে CSIR-ৰ বিজ্ঞান সম্মিলনত বক্তব্য ৰাখি বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কয়, ‘আত্মনির্ভৰ ভাৰত’ৰ ফচল দেশত তৈয়াৰী এই দুটা ক’ভিড ভেকচিন।
আজি নেচনেল মেট্রোলজি কনক্লেভৰ উদ্বোধন কৰি ভাৰ্চুয়েল মাধ্যমত বক্তব্য ৰাখে প্রধানমন্ত্রীগৰাকীয়ে। ভিডিঅ’ কনফাৰেন্সত অংশ লৈছিল দেশৰ বিভিন্ন CSIR-ৰ গবেষকসকলেও। এই অনুষ্ঠানতে দেশৰ বিজ্ঞানীমহলৰ প্রতি কৃতজ্ঞতা জনাই নৰেন্দ্র মোদীয়ে।
দেশীয় প্রযুক্তি, গৱেষণাৰ ওপৰত নির্ভৰ কৰিয়েই ‘আত্মনির্ভৰ ভাৰত’ৰ দ্বাৰা তৈয়াৰ হৈছে ক’ৰোনা ভেকচিন। গোটেই প্রক্রিয়াটোয়েই ‘মেক ইন ইণ্ডিয়াৰ। আজি সকলো দেশবাসী বিজ্ঞানীসকলক লৈ গর্বিত। আৰু এই সাফল্যৰ পাছত এতিয়া ভাৰতৰ কাষত থিয় দিছে গোটেই বিশ্ব। কেৱল এয়াই নহয়, বিশ্বৰ দৰবাৰত ভাৰতৰ গ্রহণযোগ্যতাও বাঢ়িছে দেশৰ এই সাফল্যৰ পাছত, এনেদৰে কয় প্রধানমন্ত্রী মোদীয়ে।
Speaking at the National Metrology Conclave. https://t.co/ligrXunTTP
— Narendra Modi (@narendramodi) January 4, 2021