বিষাক্ত বায়ুমণ্ডল, সন্তান জন্ম দিব নিবিচাৰে তৰুণ প্রজন্মই
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ বিষাক্ত হৈ পৰিছে পৃথিৱীৰ বায়ু মণ্ডল৷ নতুন প্রজন্মৰ জীৱন বন্তি নুমাই পেলাব পাৰে জলবায়ু পৰিৱর্তনসৃষ্ট তাপ দহন আৰু বিষাক্ত বায়ুৱে৷ গতিকে তৰুণ প্রজন্মৰ প্রতি ১০জনৰ ভিতৰত ৪জনেই নিবিচাৰে সন্তান জন্ম দিবলৈ৷ তেওঁলোকে নিবিচাৰে বংশগতিৰ ধাৰা আগবাঢ়ি যাওক৷ এই পৃথিৱীত তৰুণসকলৰ অধিকাংশই নিবিচাৰে উত্তৰাধিকাৰীক ৰাখি যাবলৈ৷
কাৰণ, সেই অধিকাৰ ৰক্ষা কৰিব পৰাকৈ পৰৱর্তী প্রজন্ম বর্তি নাথাকিব৷ ৪০ শতাংশ তৰুণেই অনুভৱ কৰে যে পৰৱর্তী প্রজন্মই ৰক্ষা কৰিব নোৱাৰিব পৃথিৱীত সম্পত্তিৰ অধিকাৰ, যিসকলৰ বয়স ১৬ৰ পৰা ২৫ বছৰৰ ভিতৰত৷ শেহতীয়াকৈ ‘দ্য লেনছেট প্লেনেটৰী হেলথ’ জার্নালে এক সমীক্ষাত এই তথ্য সদৰী কৰিছে৷ ভাৰত, অষ্ট্রেলিয়া, আমেৰিকা আৰু ব্রিটেইনসহ ১০খন দেশৰ তৰুণ প্রজন্মক লৈ এই সমীক্ষা চলোৱা হৈছিল৷