নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভাৰতীয় মহিলা মৰ্চাৰ ২০ দিনীয়া কাৰ্যসূচী ঘোষণা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চা অসম প্রদেশৰ কাৰ্য্যকর্তা সকলে এক কাৰ্যসূচীৰ ঘোষণা কৰিছে। এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অহা ১৭ ছেপ্তেম্বৰৰ দিনা ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চা অসম প্রদেশৰ কাৰ্য্যকর্তা সকলে নিজ নিজ বুথত থকা সত্ৰ, নামঘৰ, মন্দিৰ তথা অন্যান্য উপাসনাস্থলীত পূজা-নৈবদ্য আগবঢ়োৱাৰ লগতে মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মাোডীৰ দীর্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি প্ৰতিজন কাৰ্যকৰ্তাৰ ঘৰৰ পদুলিমুখত বন্তি প্রজ্বলন কৰিব।

ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চা অসম প্রদেশৰ সভানেত্রী আংগুৰলতা ডেকা, সাধাৰণ সম্পাদিকাদ্বয় পূৰবী ৰয় আৰু হিমাশ্রী দেৱীয়ে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে।।

উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্রথমে মুখ্যমন্ত্রী আৰু পৰৱৰ্তী সময়ত প্রধানমন্ত্রী হিচাপে কাৰ্যনির্বাহ কৰা অহা ৭ অক্টোবৰত ২০ বছৰ সম্পূৰ্ণ কৰিব। তদুপলক্ষে মহিলা মৰ্চা অসম প্রদেশেও ২৭ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈ এই ২০ দিন সম্পূর্ণ সমর্পন মনোভাৱেৰে জনগনক সেৱা কৰাৰ জৰিয়তে সুস্থ মহিলা, সুস্থ ভাৰত গঢ়াৰ বাবে সেৱা আৰু সমর্পনেৰে ২০ দিনীয়া কাৰ্যসূচীৰ এক অভিযান আৰম্ভ কৰিব বুলি সংবাদমেলত উল্লেখ কৰে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আংগুৰলতা ডেকাই।
এই সেৱা আৰু সমপর্ন অভিযানৰ অংশৰূপে অহা. ১৮, ১৯ ছেপ্তেম্বৰ তাৰিখে মহিলা সকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিৱিৰ, সজাগতা সভা লগতে Iron Teblet, Multi Vitamin, চেনেটাৰী নেপকিন বিতৰণ কৰা হ’ব।
 ২০- ২১ ছেপ্টেম্বৰ তাৰিখে আর্থিকভাৱে দুর্বল বস্তী, আশ্রয়গৃহ, বৃদ্ধাশ্রম আৰু চিকিৎসালয়ত ফল-মুল বিতৰণ কাৰ্যসূচী গ্রহণ কৰা হ’ব।
২৪- ২৫ ছেপ্টেম্বৰ – প্রধানমন্ত্রী মাতৃ বন্দনা যা, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, প্রধানমন্ত্রী আৱাস যোজনা, সুকন্যা সমৃদ্ধি যোজনা আৰু জন-ধন যোজনা আঁচনিৰ হিতাধীকাৰীৰ ফটো, লেখনি সংগ্রহ কৰা হ’ব। আৰু ২৫ ছেপ্তেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ জন্মজয়ন্তী উপলক্ষে তেখেতক শ্রদ্ধাঞ্জলী জ্ঞাপন কাৰ্যসূচী গ্রহণ কৰা হৈছে।

২৬- ২৭ ছেপ্টেম্বৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিছে মহিলা মৰ্চাৰ কাৰ্য্যকৰ্তাই অংশগ্রহণ কৰিব।
২৮- ২৯ ছেপ্টেম্বৰ – মহিলা মৰ্চাই প্রতিখন জিলাত থকা কৌশল বিকাশ কেন্দ্র সমুহ ভ্রমন কৰি তেওঁলোকৰ কাম কাজ অধ্যয়ন কৰিব।
৩০ ছেপ্টেম্বৰ, ১ অক্টোবৰ – বিনামূলীয়া ৰেচন টোপোলা বিতৰণ কৰা হ’ব।
২, ৩ অক্টোবৰ – গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা অভিযানত মহিলা মৰ্চাই অংশ গ্রহণ কৰিব, লগতে বীৰ বীৰাঙ্গনাসকলৰ প্রতিমূর্তিত মাল্যার্পন কৰিব।
৪, ৫ অক্টোবৰ – স্বচ্ছতা অভিযান।
উপৰোক্ত কাৰ্যসূচী সমুহৰ উপৰিও ৰাজ্যিক আৰু জিলাৰ মুল সমিতিৰ দ্বাৰা ৰূপায়িত সকলো কাৰ্যসূচীতেই মহিলা মৰ্চাৰ কাৰ্যকর্তা সকলে অংশগ্রহণ কৰিব বুলি সংবাদমেলত সভানেত্রীগৰাকীয়ে উল্লেখ কৰে।

You might also like