নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ বেংগালুৰুত এখন ফ্লাইঅভাৰত লকডাউনৰ সময়তে ৩০০ কিঃ মিঃ প্ৰতি ঘণ্টাত বাইক চলাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল যুৱক ।
আৰক্ষীয়ে জনোৱা মতে, তীব্ৰগতিত বাইক চলোৱাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে যুৱকজনে নিজৰ লগতে আন লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়ায় অনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । লগতে ১০০০ চি চি ৰ বাইকখনো জব্দ কৰে ।