নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ কিলোগ্রাম আলুৰ বাবে চাকৰি হেৰুৱালে আৰক্ষী কর্মীয়ে

🔹 থানাত উৎকোচ বিচৰাৰ পৰিণাম উপ–পৰিদর্শকৰ

বিশেষ বাৰ্তা, ১৩ আগষ্ট : লাখ বা কোটি টকা উৎকোচ লৈ সমস্যাত পৰে বহু লোকে৷ কিন্তু এইবাৰ ৫ কিলোগ্রাম আলু উৎকোচ হিচাপে লৈ চাকৰিৰ পৰা বর্খাস্ত হ’বলগীয়া হ’ল এজন আৰক্ষী কর্মী৷ ৫ কিলোগ্রাম আলু উৎকোচ লোৱাৰ বাবে ইমান বৃহৎ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি ভবা নাছিল উত্তৰ প্রদেশৰ এই আৰক্ষী কর্মীগৰাকীয়ে৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে চাকৰিৰ পৰা বর্খাস্ত কৰা হ’ল আৰক্ষী কর্মীজনক৷ এতিয়া মূৰত হাত দিবলগীয়া অৱস্থা হৈছে আৰক্ষীগৰাকীৰ৷ এই ঘটনা কনৌজৰ ছৌৰিখ থানাৰ৷ অভিযুক্ত চাপুন্না–ভাৱালপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত উপ–পৰিদর্শক৷ ১ মিনিট ৪ ছেকেণ্ডৰ এক অডিঅ’ ৰেকর্ডিঙত অভিযুক্ত আৰক্ষী কর্মীগৰাকীয়ে উৎকোচ হিচাপে ৫ কিলোগ্রাম আলু বিচৰা শুনিবলৈ পোৱা গৈছে৷ আনফালে, ফোনত বিপৰীত ফালৰ পৰা ২ কিলোগ্রাম আলু প্রথমতে দিব বুলি প্রতিশ্রুতি দিয়া হৈছে৷ ৩ কিলোগ্রাম আলু এতিয়াই দিব নোৱাৰে বুলি ব্যক্তিজনে আৰক্ষীক ফোনতেই জনাইছে৷ কিন্তু ক্ষুব্ধ আৰক্ষী কর্মীজনে একে সময়তে ৫ কিলোগ্রাম আলু দিবলৈ দাবী জনায়৷ কিছু সময় ফোনতেই বাদানুবাদ চলাৰ ফলত ৩ কিলোগ্রাম আলু আৰম্ভণিতে ল’বলৈ সন্মত হয় আৰক্ষী কর্মীজনে৷ এই বক্তব্যৰ ৰেকর্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ ইয়াৰ পাছতে বর্খাস্ত কৰা হয় এই আৰক্ষী উপ–পৰিদর্শকগৰাকীক৷ অৱশ্যে একাংশই ‘আলু’ সাংকেতিক নাম বুলিহে ধাৰণা কৰিছে৷ বিভিন্ন মহলে সন্দহ কৰিছে হয়তো ৫ লাখ টকা বিচাৰিছিল আৰক্ষী পৰিদর্শকগৰাকীয়ে৷

You might also like