নিয়মীয়া বাৰ্তা, ২৮ জুনঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি ১৪ দিন হ’ল। সুশান্তৰ প্ৰেমিকা, ভাতৃ তথা তেওঁৰে সম্পৰ্কিত বহুতৰে মতামত লোৱাৰ পিছত এতিয়া আৰক্ষীয়ে ‘দিল বেচেৰা’ৰ সহযোগী অভিনেত্ৰী সঞ্জনা সংঘীক সোধা-পোছা কৰিব সোমবাৰে।
বান্দ্ৰা আৰক্ষী থানাত সংঘীক সোধা-পোছা কৰা হ’ব বুলি জানিব পৰা গৈছে। সঞ্জনা সংঘীয়ে ‘দিল বেচেৰা’ ছবিৰ পৰিচালক মুকেশ ছাবড়াই সুশান্তক শোষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল কিছুদিন আগতে।
এনে কাৰণতে তেওঁক সোধা-পোছা কৰিব আৰক্ষীয়ে। আনহাতে এই ১৪ দিনলৈ মুম্বাই পুলিচে ২৭গৰাকী লোকক সোধা-পোছা কৰিছে আৰু এটা নিৰ্দিষ্ট কাৰণ বিচাৰি নোপোৱালৈ পুলিচৰ তদন্ত চলি থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুম্বাই আৰক্ষীৰ উপ আয়ুক্ত অভিষেক ত্ৰিমুখেই। বিষয়াগৰাকীয়ে কয় যে সুশান্তৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে প্ৰতিটো দিশৰ ওপৰতে তদন্ত চলাই থকা হৈছে।