নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ অৱনতি

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ হাওঁফাওঁত সংক্রমণ হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটা বুলি আজি আর্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালৰ চিকিৎসকে বিবৃতিযোগে প্রকাশ কৰিছে৷ যোৱা ১০ আগষ্টত নতুন দিল্লীৰ আর্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত ৮৪ বছৰীয়া প্রাক্তন ৰাষ্ট্রপতি মুখার্জীক ভর্তি কৰোৱাৰ পিছত ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছে৷ কালি তেওঁৰ পুত্র তথা প্রাক্তন সাংসদ অভিজিৎ মুখার্জীয়ে পিতৃ তথা প্রাক্তন ৰাষ্ট্রপতি মুখার্জীৰ স্বাস্থ্য উন্নত হোৱা বুলি প্রকাশ কৰাৰ এদিন পিছতেই পুনৰ আজি স্বাস্থ্যৰ অৱনতি ঘটা বুলি চিকিৎসকে প্রকাশ কৰিছে৷

উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হোৱা প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ মগজুৰ অস্ত্রোপচাৰ কৰাৰ পিছতেই প্রায় ক’মা পর্যায়লৈ যোৱা প্রাক্তন ৰাষ্ট্রপতিগৰাকীক বিগত সপ্তাহ ধৰি ভেণ্টিলেটৰত ৰখা হৈছে৷ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যৰ চিকিৎসা চলাই থকা হৈছে৷ উল্লেখ্য যে ২০১২ চনৰ পৰা ২০১৭ চনলৈকে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল মুখার্জীয়ে৷

You might also like