নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ আফগানিস্তানৰ কাবুল তালিবানে দখল কৰাৰ পাছতে ভাৰত আৰু আফগান বাণিজ্যিক সম্পর্কত পৰিছে প্রতিকূল প্রভাৱ৷ লক্ষণীয়ভাৱে কাবুল দখল কৰাৰ পাছতে তালিবানে বন্ধ কৰি দিছে দুয়োখন দেশৰ মাজত বিভিন্ন সামগ্রীৰ সৰবৰাহ৷
ইয়াৰ ফলত আমদানি–ৰপ্তানিত সৃষ্টি হৈছে তীব্র প্রত্যাহ্বান৷ এই কথা ঘোষণা কৰিছে ফেডাৰৰেচন অৱ ইণ্ডিয়ান এক্সপ’ট অর্গেনাইজেচন (এফআইই’)ৰ সঞ্চালকপ্রধান অজয় সহায়ে৷ আমদানি–ৰপ্তানি সন্দর্ভত সঞ্চালকপ্রধানগৰা উল্লেখ কৰা অনুসৰি পাকিস্তানৰ যি পথ হৈ ভাৰত আৰু আফগানিস্তানৰ মাজত পণ্য সৰবৰাহ হৈছিল সেই পথ তালিবানে বন্ধ কৰি দিছে৷ ফলত বিগত কেইবাদিন ধৰি আফগানিস্তানৰ পৰা কোনো ধৰণৰ সামগ্রী ভাৰতলৈ সৰবৰাহ হোৱা নাই৷ একেদৰে ভাৰতৰ পৰা আফগানিস্তানলৈও সামগ্রীৰ সৰবৰাহ বন্ধ হৈ পৰিছে৷
স্মর্তব্য যে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্রত দুয়োখন দেশৰ সম্পর্ক দীঘলীয়া৷ ২০২১ চনত ভাৰতে আফগানিস্তনলৈ ৮৩.৫ কোটি ডলাৰ মূল্যৰ সামগ্রী ৰপ্তানি কৰিছে৷ এইদৰে আফগানিস্তানৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে ৫১ কোটি ডলাৰ মূল্যৰ সামগ্রী৷ ইয়াৰ উপৰি আফগানিস্তানত ভাৰতে বিনিয়োগ কৰিছে ৩০০ কোটি ডলাৰ৷
ভাৰতে আফগানিস্তানলৈ চেনি, ঔষধ, বস্ত্র, চাহ, কফী, মছলা, ট্রেন্সমিটাৰ, টাৱাৰ আদি সামগ্রী ৰপ্তানি কৰাৰ বিপৰীতে শুকান ফলৰ ওপৰত ভাৰতে আফগানিস্তানৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয়৷ এতিয়া সম্পূর্ণৰূপে শুকান ফলৰ আমদানি বন্ধ হৈ পৰিছে ভাৰতলৈ৷ গতিকে এনে ফলৰ মূল্য ভাৰতত অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি আশংকা কৰিছে অজয় সহায়ে৷