🔹 নতুন দিল্লীত জৈন সন্ত আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজৰ শতবার্ষিকী
নিউজ ডেস্ক, ২৯ জুন : কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয় আৰু ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ উদ্যোগত নতুন দিল্লীত আয়োজিত জৈন সন্ত আচার্য শ্রী১০৮ বিদ্যানন্দজী মহাৰাজৰ শতবার্ষিকী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ‘ধর্ম চক্রৱর্তী’ উপাধিৰে সন্মানিত কৰা হয়৷
জৈন আধ্যাত্মিক গুৰুৰ পৰা এই সন্মান গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মই নিজকে ইয়াৰ বাবে যোগ্য বুলি নাভাবোঁ৷ কিন্তু আমাৰ সংস্কৃতি যে সাধুৰ পৰা যিয়েই গ্রহণ কৰা নহওক সেয়া প্রসাদ হিচাপে লোৱা হয়৷ গতিকে ময়ো এই প্রসাদ অতি বিনম্রতাৰে গ্রহণ কৰিছোঁ আৰু মা ভাৰতীক উৎসর্গা কৰিছোঁ৷
জৈন গুৰুৰ শতবার্ষিকী অনুষ্ঠানত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে এই দিনটোৰ বিশেষত্ব ব্যাখ্যা কৰে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে ১৯৮৭ চনৰ ২৮ জুনৰ এই দিনটোতেই আচার্য বিদ্যানন্দজীয়ে ‘আচার্য’ উপাধি লাভ কৰিছিল৷ ই কেৱল সন্মানেই নাছিল, জৈন সংস্কৃতিৰ সৈতে সংযোজিত পৱিত্র ধাৰা৷ অনুষ্ঠানত অংশগ্রহণ কৰা প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ সৈতে জৈন সন্ত আচার্য শ্রী১০৮ বিদ্যানন্দজী মহাৰাজক সন্মান জনাই কেইবাটাও স্মাৰক ডাক টিকট মুকলি কৰে৷ প্রধানমন্ত্রী মোদীয়ে ডাক টিকট মুকলি কৰি আচার্যক অকল সন্মান জনোৱাই নহয়, ইয়ে আচার্যৰ জীৱন আৰু কর্মৰাজিক অনুকৰণীয় কৰি তুলিবলৈ সহায়ক হ’ব বুলি কয়৷
অনুষ্ঠানৰ প্রাৰম্ভতে প্রধানমন্ত্রী আৰু সাংস্কৃতিক মন্ত্রীগৰাকীয়ে ‘লাইফ এণ্ড লিগেচী অৱ আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজ’ শীর্ষক প্রদর্শনী পৰিদর্শন কৰে৷