প্রধানমন্ত্রী মোদীক আমন্ত্রণ জ’ বাইডেনৰ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ভার্চুৱেল জলবায়ু সন্মিলনৰ বাবে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ ৪০ বিশ্ব নেতাক আমন্ত্রণ জনাইছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে৷
অহা ২২ আৰু ২৩ এপ্রিলত মার্কিন ৰাষ্ট্রপতি বাইডেনে আঁত ধৰিবলগীয়া বিশ্ব নেতৃত্বৰ জলবায়ু সন্মিলনৰ বাবে প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনোৱা বুলি হোৱাইট হাউছে আনুষ্ঠানিকভাৱে জনাইছে৷
হোৱাইট হাউছৰ পৰা প্রকাশিত বিবৃতিত উল্লেখ কৰা মতে, ৰাষ্ট্রপতি বাইডেনে শপতগ্রহণ কৰাৰ দিনাই পেৰিছ জলবায়ু চুক্তিত পুনৰ অংশগ্রহণ কৰিছে৷ ইয়াৰ পাছত ২৭ জানুৱাৰীত ৰাষ্ট্রপতিগৰাকীয়ে শীঘ্রে বিশ্ব নেতাৰ সৈতে জলবায়ু সন্মিলন আয়োজন কৰাৰ ঘোষণা কৰিছিল৷
জলবায়ু সংকটৰ সৈতে মোকামিলা কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ ভার্চুৱেলযোগে অনুষ্ঠিত হ’বলগীয়া জলবায়ু সন্মিলনত প্রধানমন্ত্রী মোদীৰ উপৰি কোৱাড নেতা অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, জাপানৰ প্রধানমন্ত্রী যোশীহিডে ছুগা, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙলৈও আমন্ত্রণ–পত্র প্রেৰণ কৰিছে৷
উল্লেখ্য যে অহা নৱেম্বৰত গ্লাছগোট ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলন অভিৱর্তন (কপ–২৬) অনুষ্ঠিত হোৱাৰ পূর্বে মার্কিন চৰকাৰে জলবায়ু সংকটক লৈ আয়োজন কৰা ভার্চুৱেল সন্মিলন গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷