নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি বাইডেনৰ বার্তা লৈ প্রধানমন্ত্রী মোদীক সাক্ষাৎ মার্কিন প্রতিৰক্ষা সচিব লয়ড অষ্টিনৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ  আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ বার্তা লৈ তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা মার্কিন প্রতিৰক্ষা সচিব লয়ড জেমছ অষ্টিনে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷

প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা মতে, মার্কিন প্রতিৰক্ষা সচিবগৰাকীয়ে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতেই প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাষ্ট্রপতি বাইডেনৰ বার্তা অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে মার্কিন প্রতিৰক্ষা সচিবগৰাকীৰ সৈতে বার্তালাপৰ পিছত কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক উন্নত কৰাৰ লগতে দুই দেশৰ মাজত প্রতিৰক্ষা সমন্বয় শক্তিশালী কৰাতো গুৰুত্ব আৰোপ কৰা হয়৷

ইপিনে, প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত মার্কিন প্রতিৰক্ষা সচিব অষ্টিনে দুই দেশৰ মাজত দ্বিপাক্ষিক প্রতিৰক্ষা সম্পর্ক শক্তিশালী কৰাত আমেৰিকা যুক্তৰাষ্ট্র প্রতিশ্রুতিবদ্ধ বুলি কয়৷ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে দুই দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব সবলীকৰণৰ প্রসংগও প্রধানমন্ত্রী মোদীৰ সৈতে বার্তালাপৰ সময়ত দোহাৰে মার্কিন প্রতিৰক্ষা সচিবগৰাকীয়ে৷

তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হোৱা মার্কিন প্রতিৰক্ষা সচিবগৰাকীয়ে দায়িত্ব গ্রহণ কৰা পিছত তিনি দেশীয় প্রথম বিদেশ ভ্রমণৰ কার্যসূচীত তৃতীয় দেশ হিচাপে ভাৰতত উপস্থিত হৈছে৷ ইয়াৰ পূর্বে প্রতিৰক্ষা সচিবগৰাকীয়ে জাপান আৰু দক্ষিণ কোৰিয়া ভ্রমণ কৰিছে৷

শুকুৰবাৰে মার্কিন প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই দেশৰ শীর্ষ সামৰিক বিষয়া আৰু আমেৰিকান ৰাষ্ট্রদূতৰ বিষয়ববীয়াই আদৰণি জনায়৷ এই ভ্রমণৰ সময়ছোৱাত মার্কিন প্রতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ সৈতে প্রতিৰক্ষা চুক্তি অনুসৰি নতুন দিল্লীয়ে ক্রয় কৰিবলগীয়া অত্যাধুনিক ড্রোনকে ধৰি যুদ্ধবিমান সন্দর্ভতো বিতং আলোচনা কৰিব৷ প্রধানমন্ত্রীক সাক্ষাতৰ পিছত অষ্টিনে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও মিলিত হয়৷

আজি অষ্টিনে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ সৈতে মিলিত হোৱাৰ পিছত বৈদেশিক মন্ত্রী এছ জয়শংকৰক সাক্ষাৎ কৰিব৷

You might also like