প্রধানমন্ত্রী মোদীৰ আহ্বান- শীঘ্রে প্রতিৰোধ কৰক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ, ২৪ ঘণ্টাত আক্রান্ত ২৮,৯০৬
নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ দেশত আৰম্ভ হোৱাক লৈ উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ৷ মহাৰাষ্ট্রকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পিছতে কালি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে বার্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকাৰ সময়তে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ জটিল সন্ধিক্ষণক লৈ আজি মুখ্যমন্ত্রীসকলৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ প্রতিৰোধ কৰিবলৈ মুখ্যমন্ত্রীসকলে নির্ণায়ক পদক্ষেপ গ্রহণ কৰিব লাগিব৷
এই নির্ণায়ক পদক্ষেপ হিচাপে ক্ষুদ্র কণ্টেইনমেণ্ট জ’ন, পৰীক্ষণ বৃদ্ধি আৰু মাস্ক পৰিধান কৰাৰ লেখীয়া নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিব লাগিব৷ শেহতীয়াভাৱে দেশৰ কেইবাখনো ৰাজ্যৰ ভিতৰত প্রায় ৭০খন জিলাত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হৈ সংক্রমণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্রকাশ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এতিয়াই যদি আমি ইয়াক প্রতিৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ’লে দেশজুৰি ই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ আমি শীঘ্রে বর্ধিত মহামাৰী ভাইৰাছটোৰ সংক্রমণ বন্ধ কৰিব লাগিব৷
তদুপৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজৰ সফলতাৰ আত্মবিশ্বাসক অতি বিশ্বাসলৈ পৰিণত কৰা উচিত নহয়৷ কিয়নো, আমাৰ সফলতাক অসচেতনতাৰ কাৰক হ’বলৈ দিয়া উচিত নহয়৷
দেশবাসীৰ মাজত ভয় আৰু শংকাৰ ভাব যাতে বিয়পি নপৰে সেই সন্দর্ভত অধিক সচেতনতাৰে পদক্ষেপ গ্রহণ কৰাৰ ওপৰতো মুখ্যমন্ত্রীসকলক গুৰুত্ব দিবলৈ আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে। ঠিক তেনেদৰে ৰাজ্য চৰকাৰসমূহক ৰেপিড এণ্টিজেন টেষ্টৰ ওপৰত অধিক বিশ্বাস কৰাৰ পৰিৱর্তে আৰ টি–পি চি আৰ পৰীক্ষণ বৃদ্ধি কৰিবলৈ আহ্বান জনাই প্রধানমন্ত্রীগৰাকীয়ে কয়– ৭০ শতাংশতকৈও অধিক পৰীক্ষণ আৰ টি–পিচিআৰৰ জৰিয়তে হ’ব লাগে৷
ৰাজ্যসমূহে ৰেপিড এণ্টিজেন টেষ্টত নির্ভৰশীল হ’ব নালাগে৷ এইক্ষেত্রত কেৰালা, ওড়িশা, ছত্তিশগড় আৰু উত্তৰ প্রদেশৰ প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে। আনপিনে, ক’ভিড–১৯ ভেকচিন কিছু ৰাজ্যত বর্জিত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে এই ভেকচিন বর্জন নকৰিবলৈ সতর্ক কৰি দিয়ে৷
বর্জিত নোহোৱাৰ বাবে সময়সীমা উকলি যোৱাৰ পূর্বে অর্থাৎ ভেকচিনৰ ম্যাদ উকলি নৌযাওঁতেই সেই ভেকচিনসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে। দেশৰ প্রায়বোৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রীয়ে বৈঠকত অংশ লয় যদিও নির্বাচনী প্রচাৰত ব্যস্ত থকা বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ সিং বাঘেল অনুপস্থিত থাকে৷
আনপিনে, মহাৰাষ্ট্রকে ধৰি কেইবাখনো ৰাজ্যত বিগত ২৪ ঘণ্টাত কেইবাসহস্র লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দেশত ২৪ ঘণ্টাত আক্রান্ত হৈছে ২৮,৯০৩জন৷ এই আক্রান্তৰ সংখ্যা চলিত বর্ষত এদিনত সর্বাধিক৷ ২৪ ঘণ্টাত ১৮৮জন লোকৰ প্রাণহানি হৈছে৷ তাৎপর্যপূর্ণ যে ডিচেম্বৰৰ পিছত পুনৰ কেইবাখনো ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই আছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১৭৮৬৪, কেৰালাত ১৯৭০, পঞ্জাবত ১৪৬৩, কর্ণাটকত ১১৩৫, গুজৰাটত ৯৫০জন৷