🔹 বার্তা প্রেৰণ কৰোঁতাক আজমেড়ত গ্রেপ্তাৰ মুম্বাই আৰক্ষীৰ
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীক আইএছআই এজেণ্টে বোমা বিস্ফোৰণেৰে হত্যা কৰিব বুলি মুম্বাই আৰক্ষীলৈ এক বার্তা অহাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মুম্বাই আৰক্ষীয়ে এই বার্তা লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰি ম’বাইলৰ বার্তাটো ক’ৰ পৰা আহিছে, সেয়া চিনাক্ত কৰে৷ লগে লগে মুম্বাই আৰক্ষীৰ দলে বার্তা অহা অঞ্চলৰ পৰা বার্তা প্রেৰণকাৰী ব্যক্তিজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মুম্বাই আৰক্ষীয়ে প্রকাশ কৰা মতে, প্রধানমন্ত্রী মোদীক দুই আইএছআই এজেণ্টে বোমা বিস্ফোৰণেৰে হত্যা কৰিব বুলি ৰাজস্থানৰ আজমেড় জিলাত পঞ্জীয়নভুক্ত ম’বাইল নম্বৰৰ পৰা বার্তাটো আহিছে৷ আৰক্ষীয়ে এই বার্তাটো লাভ কৰাৰ পিছতে আজমেড়লৈ দল পঠিয়াই সন্দেহজনক ব্যক্তিক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে ব্যক্তিজনক সোধা–পোছা কৰি আছে৷ প্রাৰম্ভিক অনুসন্ধান মতে, প্রধানমন্ত্রী মোদীক হত্যা কৰিম বুলি ভাবুকি প্রেৰণ কৰা ব্যক্তিজন মানসিকভাৱে অসুস্থ ৰোগী৷ এনে কাৰণতে হয়তো লোকজনে বার্তা প্রেৰণ কৰিছে৷ আৰক্ষীয়ে বিএনএছৰ অধীনত গোচৰ ৰুজু কৰিছে৷ মন কৰিবলগীয়া যে নৱেম্বৰ মাহৰ প্রাৰম্ভতো মুম্বাই আৰক্ষীৰ নিয়ন্ত্রণ কক্ষই প্রধানমন্ত্রীক হত্যাৰ ভাবুকিৰ বার্তা পাইছিল আৰু বার্তা প্রেৰণ কৰোঁতা মহিলা এগৰাকীক গ্রেপ্তাৰ কৰিছিল৷ প্রধানমন্ত্রীৰ বিৰুদ্ধে এনেধৰণৰ হত্যাৰ ভাবুকিৰ বার্তা সঘনাই আৰক্ষীয়ে লাভ কৰাটো উদ্বেগজনক বিষয় হৈ উঠিছে৷ উনুকিয়াব লাগিব যে বিগত বর্ষৰ জুলাই মাহত মুম্বাই আৰক্ষীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক হত্যা কৰাৰ ফোনকল লাভ কৰিছিল৷ তথ্য মতে, অচিনাক্ত ব্যক্তি এজনে লেনলাইন নম্বৰৰ পৰা মুম্বাই আৰক্ষীৰ নিয়ন্ত্রণকক্ষলৈ প্রধানমন্ত্রী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীক হত্যাৰ ভাবুকি দিছিল৷