নিয়মীয়া বাৰ্তা, ১৭ জুনঃ লাডাখত ভাৰত-চীনৰ বিবাদ সন্দৰ্ভত বিৰোধী শিবিৰৰ সৈতে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অহা ১৯ জুন তাৰিখে লাডাখ সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰ্চুৱেল বৈঠকত সকলো ৰাজনৈতিক নেতাক আমন্ত্ৰণ জনোৱা হৈছে ।
In order to discuss the situation in the India-China border areas, Prime Minister Narendra Modi has called for an all-party meeting at 5 PM on 19th June. Presidents of various political parties would take part in this virtual meeting: PM’s Office pic.twitter.com/AwCa1rb3FP
— ANI (@ANI) June 17, 2020
ইপিনে আজি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- “ভাৰতীয় জোৱানৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব, ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব ।”
ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে শান্তি বিচাৰে । বীৰতা আমাৰ দেশৰ চৰিত্ৰ । আমি সমুচিত প্ৰত্যুত্তৰ দিব নোৱাৰো বুলি কোনো দেশেই ভ্ৰমত থকাটো অনুচিত ।
#WATCH — I would like to assure the nation that the sacrifice of our jawans will not be in vain. India wants peace but it is capable to give a befitting reply if instigated: PM Narendra Modi #IndiaChinaFaceOff pic.twitter.com/Z0ynT06dSz
— ANI (@ANI) June 17, 2020