নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে৷ ৰোহটাঙত অটল টানেল নামেৰে নামকৰণ কৰা ৯.০২ কিলোমিটাৰ দৈর্ঘ্যৰ এই সুৰংগ পথটো পুৱা ১০ বজাত প্রধানমন্ত্রী মোদীয়ে মুকলি কৰাৰ লগে লগে বিশ্বৰ ভিতৰতে এই সুৰংগ পথ দীঘলীয়া বুলি এক অভিলেখ সৃষ্টি হয়৷ এই সুৰংগ পথছোৱাই মানালি আৰু লাহাউল–স্পিটি উপত্যকাৰ মাজত সম্পর্ক স্থাপন কৰিব৷
উল্লেখ্য যে প্রচণ্ড তুষাৰপাতৰ বাবে এই দুয়োটা স্থানৰ মাজত বছৰটোৰ ছটা মাহ যোগাযোগ বিচ্ছিন্ন হৈ থাকে৷ কিন্তু এই সুৰংগ পথটো মুকলিৰ পিছত গোটেই বছৰটোতে পৰিবহণ ব্যৱস্থা সুচল হ’ব মানালি আৰু লাহাউল–স্পিটিৰ মাজত৷
উল্লেখ্য যে হিমালয়ৰ তিনি হাজাৰ মিটাৰ উচ্চতাত অত্যাধুনিক প্রযুক্তিৰ সমাহাৰেৰে নির্মাণ কৰা হৈছে এই সুৰংগ পথছোৱা৷ সুৰংগ পথ মুকলি হ’লে মানালি আৰু লাহাউলৰ মাজত পথৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্রাস কৰিব৷ অর্থাৎ অটল টানেলে হিমালয়ান অঞ্চলত পৰিবহণ ব্যৱস্থা সুচল কৰিব৷
চাওক এক ভিডিঅ’-
#WATCH Prime Minister Narendra Modi inaugurates 9.02 km long Atal Tunnel that connects Manali to Lahaul-Spiti valley #HimachalPradesh pic.twitter.com/zAjGQj1sHH
— ANI (@ANI) October 3, 2020